DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, December 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

কাটাৰত ভাৰতীয় নৌসেনাৰ আঠ প্ৰাক্তন বিষয়াক মৃত্যুদণ্ডক লৈ চাঞ্চল্য: বৈদেশিক নীতিক লৈ উত্থাপন হৈছে প্ৰশ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2023 11:56 pm
Qatar death sentence for ex-Indian Navy officers
1.4k
VIEWS
Share on FacebookShare on Twitter

কাটাৰৰ আদালতে ভাৰতীয় নৌসেনাৰ আঠজন প্ৰাক্তন বিষয়াক মৃত্যুদণ্ড বিহাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। বিগত বৰ্ষৰ ৩০ আগষ্টত কাটাৰৰ চোৰাংচোৱা সংস্থাই গোপন অভিযান চলাই এই বিষয়াসকলক নিজৰ বাসগৃহৰ পৰা আটক কৰিছিল।

এই আটাইকেইজনেই প্ৰতিৰক্ষা সেৱা প্ৰদানকাৰী ডাহৰা গ্ল’বেল টেকন’লজিছত কৰ্মৰত আছিল আৰু কাটাৰত নিয়োজিত আছিল। বিষয়াকেইগৰাকীক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ খবৰ পোহৰলৈ অহাৰ পিছতে উপসাগৰীয় অঞ্চলত ভাৰতৰ বৈদেশিক নীতিক লৈ প্ৰশ্ন উত্থাপন হৈছে।

উপসাগৰীয় বহু দেশৰ সৈতে ভাৰতৰ ঘনিষ্ঠ আৰ্থিক আৰু ৰাজনৈতিক সম্পৰ্ক আছে যদিও এই অঞ্চলত ইয়াৰ প্ৰবাসী জনসংখ্যাও বৃহৎ। কিন্তু শেহতীয়াকৈ ভাৰতীয় ৰাজনৈতিক বাতাবৰণে সৃষ্টি কৰা ইছলাম’ফ’বিয়াই উপসাগৰীয় দেশসমূহৰ সৈতে কিছু উত্তেজনাৰ সৃষ্টি কৰিছে।

ভাৰতীয় নৌসেনাৰ আঠজন বিষয়াৰ মৃত্যুদণ্ডৰ ফলত এই উত্তেজনা আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে। এই ঘটনাই উপসাগৰীয় অঞ্চলত ভাৰতৰ কূটনৈতিক প্ৰচেষ্টাৰ কাৰ্যকাৰিতা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে। কাটাৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ পিছতো ভাৰতে এই বিষয়াসকলৰ মুক্তি নিশ্চিত কৰিবলৈ সক্ষম হোৱা নাই।

ইয়াৰ পৰা অনুমান কৰিব পাৰি যে অঞ্চলটোত ভাৰতৰ কূটনৈতিক প্ৰভাৱ সীমিত। ভাৰতীয় নৌসেনাৰ বিষয়াসকলৰ মৃত্যুদণ্ডক উপসাগৰীয় অঞ্চলত ভাৰতৰ বৈদেশিক নীতিৰ বাবে এক গুৰুতৰ বিপৰ্যয় হিচাপে গণ্য কৰা হৈছে। ই কাটাৰৰ সৈতে ভাৰতৰ সম্পৰ্ক ক্ষতিগ্ৰস্ত কৰিছে।

এই ঘটনাই লগতে কূটনৈতিক প্ৰভাৱৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে তথা ভাৰত চৰকাৰৰ বাবে এক দ্বিধাৰ সৃষ্টি কৰিছে। বিজেপিৰ প্ৰাক্তন নেত্ৰী নুপুৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য কৰাৰ পিছত যোৱা বছৰ কাটাৰৰ সৈতে ভাৰতৰ সম্পৰ্কত কিছু ফাঁট আহি পৰিছিল। শৰ্মাৰ এই মন্তব্যক কেন্দ্ৰ কৰি কাটাৰে ভাৰতৰ ৰাষ্ট্ৰদূতক তলব কৰিছিল।

উল্লেখ্য যে, শাস্তিৰ সন্মুখীন হোৱা নৌসেনা বিষয়াসকলক আটক কৰাৰ পিছৰে পৰা একক কাৰাগাৰত ৰখা হৈছে, জামিনৰ পৰা বঞ্চিত কৰা হৈছে আৰু শেহতীয়াকৈ তেওঁলোক আটাইতকৈ চৰম পৰিণতিৰ সন্মুখীন হৈছে।

এই সমগ্ৰ সময়ছোৱাত কাটাৰ কৰ্তৃপক্ষই তেওঁলোকক কি কাৰণত কাৰাগাৰত বন্দী কৰি ৰাখিছে, সেই সন্দৰ্ভত বিস্তাৰিতভাৱে পৰিয়ালৰ লোকক অৱগত কৰা নাই। লক্ষণীয়ভাৱে তেওঁলোক কৰ্মৰত ডাহৰা গ্ল’বেল টেকন’লজিছে কাটাৰৰ নৌসেনাক প্ৰশিক্ষণ প্ৰদানৰ কামত সক্ৰিয়ভাৱে জড়িত আছিল।

এই বিষয়াসকলক গ্ৰেপ্তাৰ কৰাৰ কথা প্ৰথম অৱস্থাত কোম্পানীটোৰ পৰিচালন সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰা এজন প্ৰাক্তন কমাণ্ডাৰৰ ভগ্নীয়ে পোষ্ট কৰা এটা টুইটৰ জৰিয়তে পোহৰলৈ আহিছিল। এই বিষয়াজনে ২০১৩ চনৰ পৰা ডোহাত বাস কৰিছিল আৰু কাটাৰৰ নৌসেনাৰ জোৱানসকলক প্ৰশিক্ষণ দি আহিছিল।

বিগত বছৰৰ নৱেম্বৰ মাহত অৱসৰপ্ৰাপ্ত কমাণ্ডাৰ পুনেন্দু তিৱাৰীৰ ভগ্নী মীতু ভাৰ্গৱে ভাৰত চৰকাৰৰ সৈতে যোগাযোগ কৰি ভাতৃৰ মুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছিল। এই বিষয়ত ক্ষোভ কৰি তেওঁ কৈছিল, “মই ২৫ অক্টোবৰত এটা টুইট কৰিছিলো আৰু কাটাৰৰ ডোহাত বন্দী হৈ থকা মোৰ ভাতৃক ঘূৰাই আনিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আবেদন জনাইছিলো।”

“মোৰ ভাতৃ নৌসেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া। ডাহৰা গ্ল’বেল কনছালটেন্সি চাৰ্ভিচেছৰ জৰিয়তে কাটাৰৰ নৌসেনাক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে তেওঁ কাটাৰলৈ গৈছিল।’’- এইদৰে বাখ্যা কৰিছিল বিষয়াগৰাকীৰ ভগ্নীয়ে।

উল্লেখ্য যে, ২০১৯ চনত কাটাৰ চৰকাৰৰ পৰামৰ্শ অনুযায়ী ভাৰত চৰকাৰে বহিঃৰাজ্যৰ ভাৰতীয়সকলক প্ৰদান কৰা সৰ্বোচ্চ স্বীকৃতি প্ৰবাসী ভাৰতীয় সন্মানেৰে সন্মানিত কৰিছিল তিৱাৰীক। গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলক কনছুলাৰ প্ৰৱেশৰ অনুমতি দিয়াৰ পিছতো কাটাৰ কৰ্তৃপক্ষই তেওঁলোকক গ্ৰেপ্তাৰৰ ভিত্তি বা তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ৰাজহুৱাভাৱে প্ৰকাশ কৰাৰ পৰা বিৰত আছে।

আঠজন লোকৰ বিৰুদ্ধে উত্থাপিত নিৰ্দিষ্ট অভিযোগ আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰিলেও বিভিন্ন প্ৰতিবেদনত তেওঁলোকে ইজৰাইলৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ উত্থাপন হৈছে। কোম্পানীৰ কৰ্মচাৰীসকলৰ সৈতে জড়িত প্ৰতিযোগিতামূলক প্ৰতিদ্বন্দ্বিতা আৰু বিষয়াকেইজনক আটক কৰাৰ মাজত সম্ভাৱ্য সম্পৰ্ক থকাৰ সন্দৰ্ভতো জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

এই আঠজন ভাৰতীয় নাগৰিকক নিয়োগ কৰা ডাহৰা গ্ল’বেল টেকন’লজিছৰ স্বত্বাধিকাৰী কাটাৰৰ এগৰাকী নাগৰিক আছিল। তেওঁকো প্ৰথম অৱস্থাত আটক কৰি ৰখা হৈছিল যদিও পৰৱৰ্তী সময়ত জামিনত মুকলি কৰি দিয়া হৈছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

লক্ষণীয়ভাৱে বিগত বছৰৰ ডিচেম্বৰ মাহত ৰাজ্যসভাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই বিষয়টোক অত্যন্ত স্পৰ্শকাতৰ হিচাপে স্বীকাৰ কৰি আটকাধীন এই বিষয়াসকলৰ প্ৰসঙ্গক কাটাৰ চৰকাৰৰ সৈতে ভাৰত চৰকাৰৰ আলোচনাত অগ্ৰাধিকাৰ দিয়া হৈছে বুলি উল্লেখ কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰদূত আৰু জ্যেষ্ঠ বিষয়াসকল কাটাৰ চৰকাৰৰ সৈতে অহৰহ যোগাযোগত আছে বুলিয়ো তেওঁ উল্লেখ কৰিছিল।

Recent News

আগ্নেয়গিৰি : ইণ্ডোনেচিয়াৰ মাউন্ট মাৰাপিত নিহত ১৩ জন পৰ্বতাৰোহী, সন্ধানহীন ১০ গৰাকী

আগ্নেয়গিৰি : ইণ্ডোনেচিয়াৰ মাউন্ট মাৰাপিত নিহত ১৩ জন পৰ্বতাৰোহী, সন্ধানহীন ১০ গৰাকী

Seven labourers killed

মৰ্মান্তিক! শস্যৰে ভৰা বস্তাৰ চেঁপাত প্ৰাণ গ’ল ৭ জন শ্ৰমিকৰ

বোকাখাতৰ জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতালৈ ছহিদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতাৰ বঁটা 

বোকাখাতৰ জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতালৈ ছহিদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতাৰ বঁটা 

কলিতেই মৰহিব নেকি বিৰোধী ঐক্য ইণ্ডিয়া? : ৩ ৰাজ্যত মুখথেকেছা খোৱাৰ পিছত আৰম্ভ হৈছে  জটিলতা

কলিতেই মৰহিব নেকি বিৰোধী ঐক্য ইণ্ডিয়া? : ৩ ৰাজ্যত মুখথেকেছা খোৱাৰ পিছত আৰম্ভ হৈছে  জটিলতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd