অসম তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত পদৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। সামাজিক মাধ্যম ফেচবুকত এক দীঘলীয়া পোষ্ট লিখি সবিশেষ জনালে মহন্তই।
https://www.facebook.com/share/p/17Ukzxjb9q
মহন্তই লিখিছে- ‘অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে অৱসৰ লোৱাৰ পিছতে মই ২০২৩ চনৰ এপ্ৰিল মাহৰ ৫ তাৰিখে অসম তথ্য আয়োগত মুখ্য তথ্য আয়ুক্ত হিচাপে যোগদান কৰিছিলো। আৰক্ষী বিষয়া হিচাপে যেতিয়াই যি দায়িত্ব পাইছিলো,সেই দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰাৰ লগতে নতুন চিন্তাৰে কিবা এটা কৰাৰ যত্ন কৰাৰ দৰেই মুখ্য তথ্য আয়ুক্ত হিচাপে দায়িত্ব লৈয়ো মই কিছু নতুনত্ব অনাৰ চেষ্টা কৰিছিলো। ইয়াৰ ভিতৰত তথ্য জনাৰ অধিকাৰ আইনক ব্লেক মেইলিঙৰ আহিলা হিচাপে লোৱা সকলৰ প্ৰতি কঠোৰ হোৱা,অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰি কাৰ্যালয়টোক কাগজ মুক্ত কৰা, বিভিন্ন তথ্য জানিবলৈ আগ্ৰহীসকলৰ সুবিধা হোৱাকৈ অনলাইন আবেদনৰ ব্যৱস্থা কৰা,নিয়মীয়া শুনানি আৰু নিয়মীয়া নিষ্পত্তিৰ জৰিয়তে বিচৰাধীন,অমীমাংসিত আবেদনৰ পাহাৰ কাৰ্যতঃ নোহোৱা কৰা,ভিডিঅ‘ কনফাৰেন্সৰ জৰিয়তেও শুনানিৰ ব্যৱস্থা কৰা,সাধাৰণ মানুহৰ সহায়ক হোৱাকৈ হাতপুথি উলিওৱা আদি অন্যতম।সি যি কি নহওঁক,অসম তথ্য আয়োগৰ সৈতে এইদৰে একাত্মভাৱে তথা আবেগিকভাৱে জড়িত হৈ পৰা সত্বেও এক বিশেষ পৰিস্থিতিত কাৰ্যকাল সামৰণি পৰাৰ পূৰ্বেই মই মুখ্য তথ্য আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত লৈছো।আপোনালোক সকলো জ্ঞাত যে শেহতীয়াভাৱে সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গদেৱৰ মৃত্যুৰ ঘটনাৰ সৈতে মোৰ ভাই শ্যামকানু মহন্তৰ নাম সাঙোৰ খাই পৰিছে। এনে পৰিপ্ৰেক্ষিতত মোৰ বিবেকে এটা কথা কৈ আছিল যে যদি মোৰ ভাতৃ সম্পৰ্কীয় কিবা তথ্য বিচাৰি কোনো লোকে আবেদন কৰে,তেতিয়া মানুহৰ মনত যাতে কোনো ধৰণৰ সন্দেহ আৰু সংশয় নাথাকে,তাৰ স্বাৰ্থতে মই দায়িত্বৰ পৰা অব্যাহতি লোৱা উচিত। এই কথা মই মাননীয় মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়তো কৈ ৰাখিছিলো ৷লগতে মোৰ সহকৰ্মীসকলক কৈ থৈছিলো-এনেধৰণৰ কিবা আবেদন আহিলেই মোক যাতে লগে লগে অৱগত কৰে। ইমানদিনে তেনে আবেদন অহা নাছিল যদিও শেহতীয়াভাৱে এজন লোকে শ্যামকানু মহন্তকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানলৈ চৰকাৰে আগবঢ়োৱা পুঁজি সম্পৰ্কে জানিবলৈ বিচাৰি সংশ্লিষ্ট কৰ্তৃপক্ষলৈ এখন আবেদন কৰিছে। আবেদনকাৰীগৰাকীয়ে মোলৈ ব্যক্তিগতভাৱেও এখন চিঠি লিখিছে আৰু তাত তেখেতে উল্লেখ কৰিছে যে মোৰ সততা আৰু স্বচ্ছতাৰ ওপৰত তেখেতৰ সম্পূৰ্ণ ভৰসা আছে l যিহেতু তেখেতে জানিবলৈ বিচৰা তথ্যসমূহৰ ভিতৰত শ্যামকানু মহন্তৰ তথ্যও থাকিব,গতিকে মই মুখ্য তথ্য আয়ুক্ত ৰূপে তেনে ধৰণৰ শুদ্ধ ভূমিকাই পালন কৰাটো তেওঁ বিচাৰে ৷ যিহেতু এই বিষয়ে ময়ো ইতিমধ্যে ভাবিয়েই থৈছিলো,গতিকে অলপো পলম নকৰি মই মুখ্য তথ্য আয়ুক্ত পদৰ পৰা অব্যাহতি বিচাৰি মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিলো। মোক যিসকলে জানে তেওঁলোকৰ মনত নিশ্চয় এইবিষয়ে সন্দেহ নাই যে মই দায়িত্বত থাকিলেও সেই ব্যক্তিগৰাকীয়ে সম্পূৰ্ণ শুদ্ধ তথ্যই পালেহেঁতেন। তথাপি মানুহৰ মনত যাতে তিলমানো সন্দেহৰ অৱকাশ নাথাকে,তাৰ স্বাৰ্থতে মই এইদৰে দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত ল‘লো।
অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া হিচাপে ঘটনাবহুল এছোৱা দীঘলীয়া সময় অসম মাতৃক সেৱা আগবঢ়োৱাৰ লগতে বিগত সময়ছোৱাত মুখ্য তথ্য আয়ুক্ত হিচাপে দায়িত্ব পালনৰ সুযোগ পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা। মই মহামহিম ৰাজ্যপাল আৰু মাননীয় মুখ্যমন্ত্ৰীকে ধৰি সংশ্লিষ্ট সকলোৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷’





