কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰ স্বামীয়ে দীপাৱলীৰ দিনা নিজৰ ঘৰখন লাইটেৰে সজাবলৈ অবৈধভাবে বিদ্যুৎ সংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে।
কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি দেৱগৌডাৰ পুত্ৰ কুমাৰ স্বামীয়ে শুকুৰবাৰে কয় যে বেংগালুৰুৰ জে পি নগৰ অঞ্চলত থকা তেওঁৰ বাসগৃহত পোহৰ দিবলৈ পথটোৰ ৰাজহুৱা শক্তি সেৱাৰ পৰা লাইন লোৱা হৈছে। এই ‘অবৈধ’ বিদ্যুৎ ব্যৱহাৰৰ বাবে তেওঁ ৬৮ হাজাৰ ৫২৬ টকা জৰিমনা ভৰিবলগীয়া হৈছে। কিন্তু এই জৰিমনা যি ধৰণে গণনা কৰা হৈছে, তাত বহুত আপত্তি আছে বুলিও তেওঁ কয়।
কুমাৰস্বামীয়ে দাবী কৰে যে ৰাজ্যত কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে কথা কোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে ‘ষড়যন্ত্ৰ’ চলিছে। তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি।
কুমাৰস্বামীয়ে বেংগালুৰু বিদ্যুৎ যোগান কোম্পানী লিমিটেডৰ সহকাৰী কাৰ্যবাহী অভিযন্তালৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেই চিঠিখনত তেওঁ কয়, ‘মোৰ কৰ্মচাৰীয়ে দীপাৱলীৰ দিনা জে পি নগৰৰ বাসগৃহটো লাইটেৰে সজাবলৈ এজন ইলেক্ট্ৰিচিয়ানক নিয়োগ কৰিছিল। মই ঘৰত নথকা সময়ত তেওঁ এই কামটো কৰিছিল আৰু ঘৰৰ সন্মুখৰ বিদ্যুতৰ খুঁটা এটাত হুক কৰি দিছিল কেৱল লাইটবোৰ পৰীক্ষা কৰিবলৈ।”
লগতে তেওঁ সেই চিঠিখনত কৈছে, “সেই কাম যেতিয়া সম্পূৰ্ণ হৈছিল, সেই সময়ত মই ৰমংগানা জিলাৰ বিদাৰীত থকা মোৰ ঘৰত আছিলো। ঘূৰি অহাৰ পিছত যি এই কথা গম পালোঁ, সেই মুহূৰ্ততে মই মোৰ শ্ৰমিকসকলক ৰাস্তাৰ বিদ্যুতৰ খুঁটাটোৰ পৰা তাঁৰ কাটিবলৈ আদেশ দিলোঁ । ইলেক্ট্ৰিচিয়ানজনে মোৰ অজ্ঞাতে স্বতন্ত্ৰভাৱে এই কাম কৰিলে।”
জেডিইউৰ নেতাগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ আঁৰত ৰাজ্যৰ শাসকীয় দল আছে বুলি অভিযোগ উত্থাপন কৰে। ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে কয়, ‘ৰাজ্যৰ বর্তমান চৰকাৰৰ ক্ষমতাৰ উৎসৰ অপব্যৱস্থাপনাৰ অভিযোগ উত্থাপন কৰি অহৰহ টুইট আৰু সংবাদমেল অনুষ্ঠিত কৰাৰ বাবে মোৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্র চলিছে৷ আনকি ৰাজ্যৰ মুৰব্বী, মুখ্যমন্ত্রী-উপমুখ্যমন্ত্রীয়েও মোৰ বিৰুদ্ধে শক্তি চুৰিৰ অভিযোগ উত্থাপন কৰি বক্তব্য দিছে৷”