মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী দেবেন্দ্ৰ ফাডনবিচ ক’ভিড পজিটিভ

Former Maharashtra CM Devendra Fadnavis tests positive for COVID-19

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী দেবেন্দ্ৰ ফাডনবিচ ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

শনিবাৰে টুইটযোগে এই কথা সদৰী কৰি জ্যেষ্ঠ বিজেপি নেতাজনে কয় যে তেওঁ নিজকে আচুতীয়া কৰি ৰাখিছে।

তেওঁ লগতে কয় যে চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ দৰৱ আৰু চিকিৎসা গ্ৰহণ কৰি আছে।

লকডাউনৰ সময়ৰ পৰাই প্ৰতিদিনে কাম কৰি অহা বুলি সদৰী কৰি ফাডনবিচে কয়, “ঈশ্বৰে মোক অলপ সময়ৰ বাবে ৰোৱাটো আৰু বিৰতি লোৱাটো বিচাৰিছে।”

তেওঁ তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিড টেষ্ট কৰাৰ বাবেও আহ্বান জনাইছে।

উল্লেখযোগ্য যে ফাডনবিচ আসন্ন বিহাৰ নিৰ্বাচনত বিজেপিৰ প্ৰচাৰৰ মুৰব্বীৰ দায়িত্বত আছে।

অহা ২৮ অক্তোবৰ আৰু ৩ আৰু ৭ নৱেম্বৰত বিহাৰত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

১০ নৱেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব।