বিস্ফোৰণত গুৰুতৰভাৱে আহত মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বৰ্তমান স্পীকাৰ মহম্মদ নাছিদ

mohamed-nasheed-1200

মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বৰ্তমান স্পীকাৰ মহম্মদ নাছিদ।

মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা দেশখনৰ বৰ্তমান স্পীকাৰ মহম্মদ নাছিদ বোমা বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে।

বৃহস্পতিবাৰে সন্ধিয়া মালদ্বীপৰ ৰাজধানী মালেৰ জনবসতিপূৰ্ণ অঞ্চলত স্পীকাৰৰ বাসভৱনৰ সন্মুখতে বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয়।

মালেৰ এখন হাস্পাতালত মহম্মদ নাছিদক ভৰ্তি কৰোৱা হৈছে আৰু তাতেই তেওঁৰ চিকিৎসা চলি আছে।

স্থানীয় সূত্ৰসমূহৰ মতে, বৃহস্পতিবাৰে সন্ধিয়া বাসভৱনৰ সন্মুখত গাড়ী ৰখোৱাৰ সময়তেই শক্তিশালী বিস্ফোৰণটো ঘটে। প্ৰত্যক্ষদৰ্শীসকলে দাবী কৰা মতে ঘটনাস্থলীত ৰখাই থকা এখন মটৰচাইকেলত বিস্ফোৰক ৰখা আছিল।

বিস্ফোৰণত তেওঁৰ দেহৰক্ষীসকলো আহত হয়। ঘটনাটোত এগৰাকী বিদেশী পৰ্যটকো আহত হৈছে। ঘটনা সংঘটিত হোৱাৰ পাছতে অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।

সাধাৰণতে শান্তিপূৰ্ণ সৰু দ্বীপৰাষ্ট্ৰখনত এনে আক্ৰমণৰ ঘটনা দেখা নাযায়। এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে। তেওঁৰ মহম্মদ নাছিদৰ শীঘ্ৰে আৰোগ্য কামনা কৰিছে।

ইপিনে, আক্ৰমণৰ এই ঘটনাৰ পাছতে মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহে জৰুৰী বৈঠক আমন্ত্ৰণ কৰিছে। দেশখনৰ ৰাজনৈতিক নেতাসকলে বিস্ফোৰণৰ ঘটনাৰ তীব্ৰ নিন্দা কৰিছে।

ভাৰতৰ সৈতে দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰৈছে মালদ্বীপৰ। দেশখনৰ কেইবাটাও আন্ত:গাঁথনি নিৰ্মাণৰ কামত একাধিক ভাৰতীয় সংস্থা জড়িত হৈ আছে।