যোৰহাট জিলাৰ মৰিয়নিৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষৰ পৰলোকপ্ৰাপ্তি ঘটিছে l
কেইবাটাও জটিল ৰোগত আক্ৰান্ত ঘোষক যোৱা নিশা শিলিগুৰিৰ এখন ব্যক্তিগত নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছিল l
দুয়োটা বৃক্ক বিকল হোৱাৰ বাবেই প্ৰাক্তন বিধায়কগৰাকীয়ে আজি বিয়লি ৫-২০ বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২বছৰ। প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুত মৰিয়নিবাসী শোকস্তব্ধ হৈ পৰিছে।
হাৰ্টৰ ৰোগত ভোগা ঘোষৰ পেচমেকাৰো লগোৱা হৈছিল।
প্ৰাক্তন বিধায়কগৰাকীয়ে যোৱা বিধানসভাৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও তেওঁৰ মনোনয়ন পত্ৰ নাকচ হৈছিল আৰু তাৰপাছতে তেওঁ হাস্পাতালত ভৰ্তি হ’বলগীয়া হৈছিল।
অলক কুমাৰ ঘোষে ২০০৪ চনত উপ নিৰ্বাচনত জিকি দুবছৰৰ বাবে বিধায়ক হৈছিল। তেওঁ বিজেপিলৈ গৈছিল যদিও শেষ মুহূৰ্তত তেওঁ বিজেপিৰ টিকটৰ পৰা বঞ্চিত হৈছিল।
তেওঁ মুঠতে এটা উপনিৰ্বাচনকে ধৰি মুঠ পাঁচটা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।
এগৰাকী ব্যৱসায়ী হিচাপে ঘোষে মৰিয়নিৰ ৰেল’ৱে অঞ্চলত এখন ‘নমো কেন্টিন’ চলাইছিল। দিন হাজিৰা কৰা লোকসকলে ৮টকাত এসাজ ভাত আৰু ভিখাৰীৰ বাবে বিনামূলীয়াকৈ যোগান ধৰিছিল এই আহাৰ।