NORTHEAST NOW (Assamese)

কংগ্ৰেছক উৎখাত কৰাৰ লক্ষ্য : শতাধিক নেতা-কৰ্মীৰ সৈতে শিৱসাগৰৰ প্ৰাক্তন পৌৰপতিৰ বিজেপিত যোগদান

July 28, 2019 5:02 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: July 28, 2019 5:04 pm
ফটো : নৰ্থ-ইষ্ট নাও

কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত দলীয় নেতা-কৰ্মীৰ মাজত চলি থকা বাক বিতণ্ডাৰ মাজতেই আগন্তুক পৌৰসভা আৰু বিধান সভা নিৰ্বাচনত শিৱসাগৰখন কংগ্ৰেছ মুক্ত কৰাৰ লক্ষ্যৰে প্ৰাক্তন পৌৰপতি তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰাণা খান আৰু ৰফিকুল হাজৰিকাৰ নেতৃত্বত আজি কেইবা শতাধিক কংগ্ৰেছ কৰ্মী বিজেপি দলত যোগদান কৰে।

শিৱসাগৰ নগৰ মণ্ডলৰ উদ্যোগত আজি অনুষ্ঠিত এই যোগদান সভা অনুষ্ঠিত হয় শিৱসাগৰৰ হিন্দুধৰ্ম নামঘৰৰ প্ৰেক্ষাগৃহত। বিজেপিৰ জিলা সভানেত্ৰী সুৰভি ৰাজকুমাৰীৰ পৰিচালনাত তথা নগৰ মণ্ডলৰ উপ সভাপতি প্ৰণৱ বৰুৱাই আঁত ধৰা উক্ত অনুষ্ঠানত প্ৰাক্তন পৌৰপতি ৰাণা খানৰ লগতে জিলা কংগ্ৰেছৰ সম্পাদক ফাৰুক আহমেদ, গ্ৰাম্য মণ্ডলৰ উপসভাপতি নেকিবুৰ ৰহমান, নেকিবুদ্দিন আহমেদ, বিশিষ্ট ব্যৱসায়ী তথা প্ৰাক্তন কংগ্ৰছী নেতা ৰফিকুল হাজৰিকাৰ নেতৃত্বত প্ৰায় দুহেজাৰ সংখ্যালঘু লোকে আজি আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে।

যেগদানৰ অন্তত প্ৰাক্তন পৌৰপতি ৰাণা খানে কয়,  ‘বিজেপি দল তথা নৰেন্দ্ৰ মোদীৰ সব কা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাসৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰিছো। মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে যি বিলাক উন্নয়নৰ আঁচনি লৈছে সেই আঁচনিৰ অংশীদাৰ হ’বলৈ আজি কংগ্ৰেছ দল ত্যাগ কৰি আমি বিজেপিত যোগদান কৰিছো’।

তেওঁ লগতে আগন্তুক দিনত বিজেপি দলক অধিক শক্তিশালী কৰি সমাগত পৌৰসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত শিৱসাগৰ কংগ্ৰেছ মুক্ত কৰিব বুলিও ঘোষণা কৰে।

আজিৰ এই যোগদান অনুষ্ঠানত বিধায়ক কুশল দুৱৰী, বিজেপিৰ ৰাজ্যিক সম্পাদক ভবেন্দ্ৰ নাথ মহন, জিলা সম্পাদক হেমন্ত কুমাৰ গগৈ, পৌৰনেত্ৰী মৃদুস্মিতা সিনহাৰ লগতে আন বহু নেতা-কৰ্মী উপস্থিত থাকে।

উল্লেখ্য যে শিৱসাগৰ সমষ্টিৰ সংখ্যালঘু ৰাইজৰ মাজত জনপ্ৰিয় ৰাণা খানৰ বিজেপি গমনে কংগ্ৰেছৰ ভেটি থৰক বৰক হ’ব বুলি একাংশ স্থানীয় লোকে মন্তব্য কৰে।

Related News