DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছক উৎখাত কৰাৰ লক্ষ্য : শতাধিক নেতা-কৰ্মীৰ সৈতে শিৱসাগৰৰ প্ৰাক্তন পৌৰপতিৰ বিজেপিত যোগদান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 28, 2019 5:02 pm
Congress leader join BJP

ফটো : নৰ্থ-ইষ্ট নাও

881
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত দলীয় নেতা-কৰ্মীৰ মাজত চলি থকা বাক বিতণ্ডাৰ মাজতেই আগন্তুক পৌৰসভা আৰু বিধান সভা নিৰ্বাচনত শিৱসাগৰখন কংগ্ৰেছ মুক্ত কৰাৰ লক্ষ্যৰে প্ৰাক্তন পৌৰপতি তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰাণা খান আৰু ৰফিকুল হাজৰিকাৰ নেতৃত্বত আজি কেইবা শতাধিক কংগ্ৰেছ কৰ্মী বিজেপি দলত যোগদান কৰে।

শিৱসাগৰ নগৰ মণ্ডলৰ উদ্যোগত আজি অনুষ্ঠিত এই যোগদান সভা অনুষ্ঠিত হয় শিৱসাগৰৰ হিন্দুধৰ্ম নামঘৰৰ প্ৰেক্ষাগৃহত। বিজেপিৰ জিলা সভানেত্ৰী সুৰভি ৰাজকুমাৰীৰ পৰিচালনাত তথা নগৰ মণ্ডলৰ উপ সভাপতি প্ৰণৱ বৰুৱাই আঁত ধৰা উক্ত অনুষ্ঠানত প্ৰাক্তন পৌৰপতি ৰাণা খানৰ লগতে জিলা কংগ্ৰেছৰ সম্পাদক ফাৰুক আহমেদ, গ্ৰাম্য মণ্ডলৰ উপসভাপতি নেকিবুৰ ৰহমান, নেকিবুদ্দিন আহমেদ, বিশিষ্ট ব্যৱসায়ী তথা প্ৰাক্তন কংগ্ৰছী নেতা ৰফিকুল হাজৰিকাৰ নেতৃত্বত প্ৰায় দুহেজাৰ সংখ্যালঘু লোকে আজি আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে।

যেগদানৰ অন্তত প্ৰাক্তন পৌৰপতি ৰাণা খানে কয়,  ‘বিজেপি দল তথা নৰেন্দ্ৰ মোদীৰ সব কা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাসৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰিছো। মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে যি বিলাক উন্নয়নৰ আঁচনি লৈছে সেই আঁচনিৰ অংশীদাৰ হ’বলৈ আজি কংগ্ৰেছ দল ত্যাগ কৰি আমি বিজেপিত যোগদান কৰিছো’।

তেওঁ লগতে আগন্তুক দিনত বিজেপি দলক অধিক শক্তিশালী কৰি সমাগত পৌৰসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত শিৱসাগৰ কংগ্ৰেছ মুক্ত কৰিব বুলিও ঘোষণা কৰে।

আজিৰ এই যোগদান অনুষ্ঠানত বিধায়ক কুশল দুৱৰী, বিজেপিৰ ৰাজ্যিক সম্পাদক ভবেন্দ্ৰ নাথ মহন, জিলা সম্পাদক হেমন্ত কুমাৰ গগৈ, পৌৰনেত্ৰী মৃদুস্মিতা সিনহাৰ লগতে আন বহু নেতা-কৰ্মী উপস্থিত থাকে।

উল্লেখ্য যে শিৱসাগৰ সমষ্টিৰ সংখ্যালঘু ৰাইজৰ মাজত জনপ্ৰিয় ৰাণা খানৰ বিজেপি গমনে কংগ্ৰেছৰ ভেটি থৰক বৰক হ’ব বুলি একাংশ স্থানীয় লোকে মন্তব্য কৰে।

Recent News

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd