NORTHEAST NOW (Assamese)

দুৰ্ঘটনাত পতিত প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰী, বিধায়ক নৰেন সোণোৱালৰ বাহন

February 23, 2019 7:06 pm · এন ই নাও নিউজ

আজি গুৱাহাটীৰ পৰা গোলাঘাটলৈ গৈ থকা অৱস্থাত ৰহাৰ দীঘলীআটিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰৰ চাৰিচকীয়া বাহন। দুৰ্ঘটনাটো  সংঘটিত হোৱাৰ সময়ত প্ৰাক্তন মন্ত্ৰী চৌধুৰীৰ লগত একেখন গাড়ীতে আছিল নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱালো।

ঘটনাৰ বিৱৰণী মতে ফণীভূষণ চৌধুৰী আৰু নৰেন সোণোৱাল দুয়োগৰাকীয়ে এ এছ ০১ বিভি ৯৫৩৮ নম্বৰৰ ইন’ভা বাহনেৰে গুৱাহাটীৰ পৰা গোলাঘাট দিশে গৈ থকা অৱস্থাতে ৰহাত এখন ট্ৰেভেলাৰত পিছফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে। জানিব পৰা মতে ট্ৰেভেলাৰখনে যাত্ৰী নমাবলৈ হঠাৎ ৰৈ দিয়াৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱাল আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে কোনো ধৰণৰ আঘাত পোৱা নাই প্ৰাক্তন মন্ত্ৰী চৌধুৰীয়ে। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীৰ পৰা ট্ৰেভেলাৰখনে পলায়ন কৰে।

Related News