• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘মদৰ পৰা ৰাজহ বৃদ্ধি’ কৰিব বিচৰা চৰকাৰৰ নীতিক সমালোচনা প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ

"বিজেপি চৰকাৰে মদ নিবাৰণৰ সলনি মদ বিতৰণৰ ওপৰতহে গুৰুত্ব দিলে"

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , February 23, 2019 7:25 pm

2 min read

Tarun Gogoi press meet

নিজৰ চৰকাৰী বাসভৱনত সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

242
VIEWS
Share on FacebookShare on Twitter

চুলাই মদত বিষক্ৰিয়া হৈ ৰাজ্যত প্ৰায় ১০০জন লোকে মৃত্যুক সাৱটি ল’ব লগীয়া হোৱা ঘটনাই ৰাজ্যক জোকাৰি থকাৰ সময়তে এই ঘটনা বিজেপি চৰকাৰৰ ভুল নীতিৰ বাবেই সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ আনিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

শনিবাৰে দিচপুৰৰ চৰকাৰী বাসভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰে।

সোণোৱল চৰকাৰৰ ‘মদ বেচি ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰিব বিচৰা’ নীতিৰ পৰিণামত এই শোকাৱহ ঘটনা সংঘটিত হোৱা বুলি গগৈয়ে অভিযোগ কৰে।

“এই চৰকাৰখনে মদৰ ওপৰত চোকা নজৰ ৰখাৰ বিপৰীতে মদ বিক্ৰী কৰাৰ ওপৰতহে অধিক গুৰুত্ব দিছিল। তেওঁলোকে সুৰাৰ ওপৰত থকা আইনসমূহ শিথিল কৰি দিছিল আৰু মদৰ পৰা উপাৰ্জন বৃদ্ধি কৰা সিদ্ধান্ত পোন প্ৰথমৰ পৰাই লৈছিল। আমি এনে চৰকাৰ দেখা নাছিলো যি চৰকাৰে সুৰাৰ পৰা অধিক ৰাজহ আদায় কৰি ৰাজ্যৰ উন্নয়নৰ চিন্তা কৰে”, প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমীয়া মানুহ, অসমৰ যুৱক, বাগিচাৰ কৰ্মীসকলক মদাহী কৰি অসমখন ধ্বংস কৰিব বিচাৰিছিল বুলিও এক গুৰুতৰ অভিযোগ আনে।

“চুলাই মদ বিক্ৰী কৰি বেছি ৰাজহ কৰাত গুৰুত্ব দিয়া আমাৰ লক্ষ্য নেকি?”, প্ৰশ্ন প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ। বিজেপি চৰকাৰে মদ নিবাৰণৰ সলনি মদ বিতৰণৰ ওপৰতহে গুৰুত্ব দিলে বুলিও মন্তব্য কৰে গগৈয়ে।

তেওঁৰ মতে, ৰাজ্যত সুৰা সম্পূৰ্ণ বন্ধ নহ’লেও আবকাৰী বিভাগৰ নিয়ন্ত্ৰণত থাকিব লাগে।

উল্লেখ্য যে, সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ শাসনলৈ আহাৰ পাছতেই ‘দেশীয় সুৰা’ৰ প্ৰচলনৰ বাবে ইয়াক ‘ব্ৰেণ্ডিং’ কৰিছিল। ইয়াকে লৈ ৰাজ্যৰ বিভিন্ন মহলত সৰৱ চৰ্চাও হৈছিল।

ৰাজ্যত সংঘটিত ‘সুৰা ট্ৰেজেডি’ৰ লগত ৰাজনৈতিক বিষয় জড়িত থকাৰো ইংগিত দিয়ে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। তেওঁ জিলা প্ৰশাসন, আৰক্ষী বিভাগ, আৱকাৰী বিভাগ আদি সকলোকে এই ঘটনাৰ বাবে দায়ী বুলি মন্তব্য কৰি সংশ্লিষ্ট বিভাগসমূহৰ তৎপৰতাৰ অভাৱৰ বাবেই সুৰাৰ অবৈধ ব্যৱসায় চলি থকা বুলিও তেওঁ সংবাদমেলত কয়।

“এতিয়া নিৰ্বাচনৰ বাবে আৱকাৰী বিভাগক টকা তুলিবলৈ লগাইছে। গতিকে এনে ধৰণৰ অবৈধ সুৰাৰ বেহা-বেপাৰ চলিব পাৰিছে”, তৰুণ গগৈৰ দাবী।

গগৈয়ে লগতে মুখ্য মন্ত্ৰীয়ে কোৱা ‘দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা’ কথাষাৰ অৰ্থহীন বুলি এই ঘটনাই প্ৰমাণ কৰিছে বুলিও মন্তব্য কৰে।

ইপিনে, বিষাক্ত সুৰা সেৱন কৰি মৃত্যু মুখত পৰা ঘটনাৰ তদন্ত এজন আয়ুক্তৰ দ্বাৰা নহয়, বৰঞ্চ ইয়াৰ এক ন্যায়িক তদন্ত হ’ব লাগে বুলিও প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে দাবী কৰে। চৰকাৰী বিষয়া এজনে চৰকাৰৰ বিপক্ষে কি ধৰণৰ তদন্ত কৰিব বুলি তেওঁ প্ৰশ্ন কৰে।

গগৈয়ে লগতে নিহতৰ আত্মীয়লৈ ৫ লাখকৈ টকা এককালীন সাহায্য দিয়াৰ দাবী কৰে চৰকাৰক।

Recent News

Bullet Thali

৬০ মিনিটত এই ‘বুলেট থালী’ খাই শেষ কৰিব পাৰিলে লাভ কৰিব এখন ‘এনফিল্ড বুলেট’, ক’ত?

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd