• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মদৰ পৰা ৰাজহ বৃদ্ধি’ কৰিব বিচৰা চৰকাৰৰ নীতিক সমালোচনা প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ

"বিজেপি চৰকাৰে মদ নিবাৰণৰ সলনি মদ বিতৰণৰ ওপৰতহে গুৰুত্ব দিলে"

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 23, 2019 7:25 pm
Tarun Gogoi press meet

নিজৰ চৰকাৰী বাসভৱনত সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুলাই মদত বিষক্ৰিয়া হৈ ৰাজ্যত প্ৰায় ১০০জন লোকে মৃত্যুক সাৱটি ল’ব লগীয়া হোৱা ঘটনাই ৰাজ্যক জোকাৰি থকাৰ সময়তে এই ঘটনা বিজেপি চৰকাৰৰ ভুল নীতিৰ বাবেই সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ আনিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

শনিবাৰে দিচপুৰৰ চৰকাৰী বাসভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰে।

Apply Now

সোণোৱল চৰকাৰৰ ‘মদ বেচি ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰিব বিচৰা’ নীতিৰ পৰিণামত এই শোকাৱহ ঘটনা সংঘটিত হোৱা বুলি গগৈয়ে অভিযোগ কৰে।

“এই চৰকাৰখনে মদৰ ওপৰত চোকা নজৰ ৰখাৰ বিপৰীতে মদ বিক্ৰী কৰাৰ ওপৰতহে অধিক গুৰুত্ব দিছিল। তেওঁলোকে সুৰাৰ ওপৰত থকা আইনসমূহ শিথিল কৰি দিছিল আৰু মদৰ পৰা উপাৰ্জন বৃদ্ধি কৰা সিদ্ধান্ত পোন প্ৰথমৰ পৰাই লৈছিল। আমি এনে চৰকাৰ দেখা নাছিলো যি চৰকাৰে সুৰাৰ পৰা অধিক ৰাজহ আদায় কৰি ৰাজ্যৰ উন্নয়নৰ চিন্তা কৰে”, প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমীয়া মানুহ, অসমৰ যুৱক, বাগিচাৰ কৰ্মীসকলক মদাহী কৰি অসমখন ধ্বংস কৰিব বিচাৰিছিল বুলিও এক গুৰুতৰ অভিযোগ আনে।

“চুলাই মদ বিক্ৰী কৰি বেছি ৰাজহ কৰাত গুৰুত্ব দিয়া আমাৰ লক্ষ্য নেকি?”, প্ৰশ্ন প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ। বিজেপি চৰকাৰে মদ নিবাৰণৰ সলনি মদ বিতৰণৰ ওপৰতহে গুৰুত্ব দিলে বুলিও মন্তব্য কৰে গগৈয়ে।

তেওঁৰ মতে, ৰাজ্যত সুৰা সম্পূৰ্ণ বন্ধ নহ’লেও আবকাৰী বিভাগৰ নিয়ন্ত্ৰণত থাকিব লাগে।

উল্লেখ্য যে, সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ শাসনলৈ আহাৰ পাছতেই ‘দেশীয় সুৰা’ৰ প্ৰচলনৰ বাবে ইয়াক ‘ব্ৰেণ্ডিং’ কৰিছিল। ইয়াকে লৈ ৰাজ্যৰ বিভিন্ন মহলত সৰৱ চৰ্চাও হৈছিল।

ৰাজ্যত সংঘটিত ‘সুৰা ট্ৰেজেডি’ৰ লগত ৰাজনৈতিক বিষয় জড়িত থকাৰো ইংগিত দিয়ে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। তেওঁ জিলা প্ৰশাসন, আৰক্ষী বিভাগ, আৱকাৰী বিভাগ আদি সকলোকে এই ঘটনাৰ বাবে দায়ী বুলি মন্তব্য কৰি সংশ্লিষ্ট বিভাগসমূহৰ তৎপৰতাৰ অভাৱৰ বাবেই সুৰাৰ অবৈধ ব্যৱসায় চলি থকা বুলিও তেওঁ সংবাদমেলত কয়।

“এতিয়া নিৰ্বাচনৰ বাবে আৱকাৰী বিভাগক টকা তুলিবলৈ লগাইছে। গতিকে এনে ধৰণৰ অবৈধ সুৰাৰ বেহা-বেপাৰ চলিব পাৰিছে”, তৰুণ গগৈৰ দাবী।

গগৈয়ে লগতে মুখ্য মন্ত্ৰীয়ে কোৱা ‘দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা’ কথাষাৰ অৰ্থহীন বুলি এই ঘটনাই প্ৰমাণ কৰিছে বুলিও মন্তব্য কৰে।

ইপিনে, বিষাক্ত সুৰা সেৱন কৰি মৃত্যু মুখত পৰা ঘটনাৰ তদন্ত এজন আয়ুক্তৰ দ্বাৰা নহয়, বৰঞ্চ ইয়াৰ এক ন্যায়িক তদন্ত হ’ব লাগে বুলিও প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে দাবী কৰে। চৰকাৰী বিষয়া এজনে চৰকাৰৰ বিপক্ষে কি ধৰণৰ তদন্ত কৰিব বুলি তেওঁ প্ৰশ্ন কৰে।

গগৈয়ে লগতে নিহতৰ আত্মীয়লৈ ৫ লাখকৈ টকা এককালীন সাহায্য দিয়াৰ দাবী কৰে চৰকাৰক।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd