NORTHEAST NOW (Assamese)

দলৰ গধুৰ দায়িত্ব! ভাৰত বন্ধৰ পোষ্টাৰ লগোৱাত ব্যস্ত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন

September 9, 2018 8:06 pm · এন ই নাও নিউজ
ভাৰত বন্ধৰ পোষ্টাৰ লগাই থকা অৱস্থাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক দেখা গৈছে।

ৰকিবুল হুছেইনৰ এতিয়া মন্ত্ৰিত্বও নাই, হাতত কামো নাই। গতিকে প্ৰাক্তন মন্ত্ৰীজনক ব্যস্ত দেখা গৈছে কাইলৈ নিজৰ দল ভাৰতীয় জাতীয় কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধৰ পোষ্টাৰ লগোৱাত।

উল্লেখযোগ্য যে কাইলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ৬ঘণ্টীয়া ভাৰত বন্ধৰ আহ্বান জনাইছে। জানিব পৰামতে, অসমতো প্ৰদেশ কংগ্ৰেছে ভাৰত বন্ধটো সফল কৰিবলৈ বিশেষ তৎপৰতা লৈছে। কিন্তু দলৰ সাধাৰণ কৰ্মীৰ দৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে উক্ত বন্ধৰ পোষ্টাৰ লগাই থকা অৱস্থাৰ ফটোৱে ইতিপূৰ্বে ছ’চিয়েল মিডিয়াত বিভিন্ন আমোদজনক শিৰোনামেৰে ঘূৰি ফুৰিছে।

আনহাতে দেশত ইন্ধনৰ অত্যধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধলৈ সমাজবাদী পাৰ্টী, ডি এম কে, আৰ জে ডি, এন চি পি, জে ডি (এছ)কে ধৰি বহুকেইটা ৰাজনৈতিক দলে সমৰ্থন আগ বঢ়াইছে। পুৱা ৯ বজাৰ পৰা আবেলি ৩ বজালৈ এই বন্ধৰ কাৰ্য্যসূচী পালন কৰা হ’ব বুলি কংগ্ৰেছৰ সূত্ৰই জানিবলৈ দিয়ে।

বিজেপিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কংগ্ৰেছৰ প্ৰধান দাবী হ’ল পেট্ৰল আৰু ডিজেলক আবকাৰী শুল্ক আৰু ভেটৰ পৰা ৰেহাই দি জি এছ টিৰ অধীনলৈ আনিব লাগে, যাতে ইন্ধনৰ চৰা দাম কিছু হ্ৰাস পায়। মন কৰিব লগীয়া যে ২০১৪ চনৰ পিছত পেট্ৰল আৰু ডিজেলৰ ওপৰত কৰৰ হাৰ ক্ৰমে ২১১ শতাংশ আৰু ৪৪৩ শতাংশ বৃদ্ধি পাইছে বুলি কংগ্ৰেছৰ যোগাযোগ বিভাগৰ প্ৰধান ৰণদীপ সূৰ্য্যৱালে দাবী কৰিছে।

Related News