এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে মিছ ইংলেণ্ডৰ খিতাপ লাভ কৰিছিল। তেওঁৱেই এইবাৰ ড্ৰাগছ ব্যৱসায়ৰ এগৰাকী এজেন্ট হিচাপে ধৰা পৰিল। শেহতীয়াকৈ মেক্সিকান আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ অপৰাধত জেনিফাৰ ইয়ঙক গ্ৰেপ্তাৰ কৰিছে। মেক্সিকোৰ আদালতত তেওঁক ২০ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে।
যোৱা বছৰৰ আগষ্ট মাহত আমষ্টাৰডামৰ পৰা মেক্সিকোৰ কানকান বিমানবন্দৰত উপস্থিত হৈছিল জেনিফাৰ। তাতে বিমানবন্দৰত পুলিচে তেওঁক হাতেলোটে ধৰে। তেওঁৰ পৰা মুঠ ১৩ কিলোগ্ৰাম কোকেইন উদ্ধাৰ কৰা হয়। ড্ৰাগছবোৰ সৰু সৰু পেকেট আৰু বটলত ভৰাই থোৱা আছিল। মুঠতে সকলো মিলি ইয়াৰ দাম ডেৰ লাখ ইউৰো!
লগতে পঢ়ক: NCERT পাঠ্যক্ৰমৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ কিতাপৰ পৰা আঁতৰিল ডাৰউইন! পত্ৰ লিখি প্ৰতিক্ৰিয়া বিজ্ঞানীৰ
কানকান বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে চৰকাৰী প্ৰতিৰক্ষা বাহন আৰু বিমানবন্দৰৰ বিষয়াসকলে যৌথভাৱে কোকেইনৰ পেকেটৰ দ’ম আৱিষ্কাৰ কৰে বুলি মেক্সিকান আৰক্ষীয়ে এক টুইটযোগে জনায়। প্ৰসংগক্ৰমে এই বেগটো বিদেশী যাত্ৰীৰ। ইয়াৰ পিছত তৎক্ষণাত জেনিফাৰক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু মাকে এই বিষয়ে একো নাজানে। সংবাদ মাধ্যমে যোগাযোগ কৰাত জেনিফাৰৰ মাতৃয়ে কয় যে কেইসপ্তাহমানৰ আগতে এই সমগ্ৰ ঘটনাৰ বিষয়ে জানিবলৈ পাইছিল।
তেওঁ ইমানদিনে জানিছিল যে ছোৱালীজনী মেক্সিকোলৈ ফুৰিবলৈ গৈছে। কিন্তু কেইদিনমান আগতে ছোৱালীজনীয়ে জন্মদিনত ফোন নকৰাত তেওঁৰ মনটো বেয়া লাগিল। তেতিয়াহে গোটেই কাহিনীটো জানিব পাৰিলে।
লগতে পঢ়ক: গ্ৰেপ্তাৰ অমৃতপল সিং, অৱশেষত ৩৬ দিনৰ অন্তত আৰক্ষীৰ হাতত ধৰা পৰিল খালিস্তানী নেতাগৰাকী
তেওঁৰ মতে, জন্মদিনত তাই য’তেই নাথাকক কিয়, ফোন কৰি অভিনন্দন জনায়। এইবাৰ তেনে নকৰাত তেওঁৰ ছোৱালীৰ বান্ধৱীলৈ ফোন কৰিলে। তেতিয়াই গম পালে যে তেওঁৰ ১৯ বছৰীয়া ছোৱালীজনী জেলত আছে। এতিয়াও আদালতত হাজিৰ হোৱা নাই যদিও ছোৱালীজনী জেলত আছে। কিন্তু বিশেষজ্ঞসকলৰ মতে এই অভিযোগ প্ৰমাণিত হ’লে জেনিফাৰৰ ২০ বছৰৰ কাৰাদণ্ড হ’ব পাৰে।





