শীতল পানীয়ত ড্ৰাগছ মিহলাই পৰ্ণ ভিডিঅ’ বনোৱাৰ বিস্ফোৰক অভিযোগ প্ৰাক্তন মিছ ইণ্ডিয়াৰ

Pari Paswan miss India

প্ৰাক্তন মিছ ইণ্ডিয়া ইউনিভাৰ্ছ পৰী পাছোৱান।

শীতল পানীয় অৰ্থাৎ ক’ল্ড ড্ৰিংকছত ড্ৰাগছ মিহলাই অচেতন কৰি পৰ্ণ ভিডিঅ’ বনোৱা হৈছিল।এনে বিস্ফোৰক অভিযোগ প্ৰাক্তন মিছ ইণ্ডিয়া ইউনিভাৰ্ছ পৰী পাছোৱানৰ।

গ্লেমাৰ জগতৰ মোহত মুম্বাইলৈ যোৱা ধানবাদৰ বাসিন্দা পৰীৰ সৈতে মুম্বাইতে এনে ঘটনা সংঘটিত হৈছিল বুলি অভিযোগ কৰা হৈছে।

২০১৯চনত মিছ ইণ্ডিয়া ইউনিভাৰ্ছৰ খিতাপ জয় কৰিছিল পৰী পাছোৱানে। তাৰ পাছতে নীৰজ পাছোৱান নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। অলপ দিন সংসাৰ কৰাৰ পাছতেই অশান্তিৰ সৃষ্টি হয়। শহুৰেকৰ পৰিয়ালৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ দাখিল কৰাৰ পাছত আৰক্ষীয়ে নীৰজক গ্ৰেপ্তাৰ কৰে।

নীৰজৰ গ্ৰেপ্তাৰৰ পাছতেই পৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে নীৰজৰ পৰিয়ালৰ লোক। নীৰজৰ ককায়েক চন্দনে ভাতৃৰ বিৰুদ্ধে অনা অবিযোগ অস্বীকাৰ কৰি ওলোটাই পৰীৰ বিৰুদ্ধে পৰ্ণ ফিল্মত অভিনয় কৰাৰ অভিযোগ আনে।

পৰীৰ আগেয়ে দুবাৰ বিয়া হৈছিল বুলি জানিবলৈ দি চন্দনে পৰীৰ ১২বছৰীয়া এটি সন্তানো আছে বুলি উল্লেখ কৰে। নীৰজৰ ককায়েকে মিছ ইণ্ডিয়া পৰীয়ে তেওঁৰ ভাতৃৰ জীৱন ধ্বংস কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰে।

এই অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ পৰীয়ে জনায় যে মুম্বাইত তেওঁ প্ৰতাৰণাৰ বলি হৈছিল। এক প্ৰযোজনা সংস্থাৰ কাৰ্যালয়লৈ কামৰ বাবে তেওঁক মতা হৈছিল। তাত তেওঁক ক’ল্ড ড্ৰিংকছৰ সৈতে ড্ৰাগছ মিহলাই খুওৱা হৈছিল। সেয়া খোৱাৰ পাছত অচেতন হৈ পৰিছিল পৰী। তেনে অৱস্থাতে তেওঁৰ পৰ্ণ ছবি শ্বুট কৰা হৈছিল আৰু সেয়া নেটত বিয়পাই দিয়া হয়।

পৰীয়ে জানিবলৈ দিয়া মতে সেই সময়ত তেওঁ মুম্বাইৰ এখন থানাত অভিযোগ দাখিল কৰিছিল যদিও তাত বিশেষ একো লাভ নহ’ল।

উল্লেখ্য যে যোৱা ১৯ জুলাইত পৰ্ণ ফিল্ম কাণ্ডত গ্ৰেপ্তাৰ হৈছিল অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা। পাছত তেওঁ জামিন লাভ কৰে। কিন্তু কুন্দ্ৰাৰ চক্ৰৰ সৈতে পৰী পাছোৱানৰ অভিযোগৰ কিবা যোগসূত্ৰ আছেনে নে নাই সেয়া অৱশ্যে নিশ্চিত হোৱা নাই।