বৰমা সমষ্টিৰ প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ পৰলোকপ্ৰাপ্তি

Paniram rabha

বৰমাৰ বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ শনিবাৰে পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৭বছৰ।

স্নায়ু ৰোগ আৰু মধুমেহ ৰোগত আক্ৰান্ত ৰাভাক গুৱাহাটীৰ হায়াত হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল আৰু চিকিৎসাধীন অৱস্থাতে শনিবাৰে সন্ধিয়া তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

১৯৫৪ চনত বাক্সা জিলাৰ আলাগজাৰ গাঁৱত জন্মগ্রহণ কৰা পানীৰাম ৰাভাই সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বত হোৱা মাধ্যম আন্দোলন, ভাষা আন্দোলন আদিত সক্রিয়ভাৱে অংশগ্রহণ কৰাৰ লগতে এগৰাকী জাতীয়তাবাদী নেতা হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল।

১৯৮৫ চনত পানীৰাম ৰাভাই অগপ দলত যোগদান কৰে যদিও ১৯৯১ চনত বৰমা সমষ্টিৰ পৰা প্ৰয়াত ভৃগু কুমাৰ ফুকন নেতৃত্বাধীন নতুন অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নির্বাচিত হয়।

কিন্তু ১৯৯৬ চনত পানীৰাম ৰাভাই কংগ্ৰেছ দলত যোগদান কৰে আৰু ২০০১ চনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁ দ্বিতীয়বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হয়।

প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছ নেতা ৰিপুণ বৰাকে ধৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে।