NORTHEAST NOW (Assamese)

যোৰহাট জিলা প্ৰশাসনক প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ কঠোৰ সমালোচনা

November 19, 2019 9:17 am · স্মিতা ভট্টাচাৰ্য্য
ৰাণা গোস্বামীৰ ফাইল ফটো

যোৰহাটৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীয়ে সোমবাৰে বিভিন্ন বিষয়কলৈ এখন সংবাদমেল সম্বোধন কৰি জিলা প্ৰশাসনক চোকা সমালোচনা কৰে।

মাহে এক চিণ্ডিকেট চক্ৰক ১৫০টকাকৈ দিব লাগে বুলি যোৰহাট নগৰৰ টেম্পো চালকসকলৰ পৰা তেওঁ আপত্তি পোৱা বুলি উল্লেখ কৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে উক্ত ধনৰ ভাগ শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ জেপলৈ যায় বুলি কয়।

তেওঁ কয়, ‘টেম্পো, অটো চলোৱাৰ বাবে যিসকল নিবনুৱা যুৱকক লাইচেঞ্চ দিয়া হৈছিল তেওঁলোকে এতিয়া এটা চিণ্ডিকেটক ১৫০টকাকৈ দিব লাগে আৰু জিলা প্ৰশাসনে ইয়াক ৰোধ কৰাত সমপূৰ্ণৰূপে বিফল হৈছে।‘

ইয়াৰ উপৰি কয়লা ট্ৰাকসমূহৰ পৰা ধন দাবী কৰি অহা কয়লাৰ চিণ্ডিকেটক নাকি লগোৱাতো জিলা প্ৰশাসন বিফল হৈছে বুলি তেওঁ অভিযোগ আনে।

আনহাতে নগৰৰ বাইপাছত থকা সূৰ্য্য পেট্ৰল পাম্পৰ সমীপত গাড়ী ৰখোৱা লোকসকলৰ পৰা তিনিজন যুৱকে অবৈধভাৱে পাৰ্কিং মাচুল উঠাই অহা বুলি স্থানীয় লোকে তেওঁক জনোৱা বুলি গোস্বমীয়ে কয়।

সংবাদমেলত প্ৰাক্তন বিধায়ক গৰাকীয়ে যোৰহাটত অলপতে পাৰ হৈ যোৱা বিধ্বংসী ধুমুহাৰ পিছত কেইবাদিন ধৰি বিজুলী সংযোগ, পানী আদিৰ পৰা বঞ্চিত হ’বলগীয়া হোৱা লোকসকলক সাহায্য নিদিয়াৰ বাবে প্ৰশাসনক কঠোৰ সমালোচনা কৰে।

Related News