• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ধূলিসাৎ ৰাজ্যৰ সন্মান; নাগালেণ্ডৰ হাতত বেয়াকৈ পৰাস্ত অসম ক্ৰিকেট দল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 19, 2019 1:16 pm

2 min read

Assam-Goa_d

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

23.6k
VIEWS
Share on FacebookShare on Twitter

চৈয়দ মুস্তাক আলী টুৰ্ণামেণ্টত অসমৰ ছিনিয়ৰ দলটোৱে মেঘালয়, পডুচেৰীৰ বিৰুদ্ধে লজ্জাজনকভাৱে পৰাস্ত হোৱাৰ পিছত এইবাৰ ২৩ অনূৰ্ধ্বৰ দলটোৰ হতাশাজনক প্ৰদৰ্শনে চিন্তিত কৰি তুলিছে ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীক।

ছিনিয়ৰ দলটোৰ খোজ অনুকৰণ কৰা ২৩ অনূৰ্ধ্বৰ দলটোৱে আপেক্ষিকভাৱে দুৰ্বল নাগালেণ্ডৰ বিৰুদ্ধে বেয়াকৈ মুখঠেকেচা খালে।

সোমবাৰে উৰিষ্যাৰ কটকত অনুষ্ঠিত হোৱা ২৩ অনূৰ্ধ্বৰ প্ৰতিযোগিতাত নাগালেণ্ডে অসমক ৭ উইকেটত পৰাস্ত কৰে।

মেচখনত শক্তিহীন নাগালেণ্ডৰ বিৰুদ্ধে অসমে প্ৰথমে বেট ধৰি মাত্ৰ ২১৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ প্ৰত্যুত্তৰত নাগালেণ্ডে মাত্ৰ ৪০.৫ অভাৰতে তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।

বেটছমেনৰ দৰে বলাৰৰ প্ৰদৰ্শনো আছিল হতাশাগ্ৰস্ত। মেচৰ কোনো এটা মূহুৰ্ততে নাগালেণ্ডৰ বেটছমেনক প্ৰত্যাহ্বান জনাবলৈ সক্ষম নহ’ল অসমৰ বলাৰ।

নাগালেণ্ডৰ হৈ নিখিল গৌতমে ১০৮ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে।

উল্লেখ্য যে, যোৱা বছৰ ভাৰতীয় ক্ৰিকেটত খোজ পেলোৱা তিনিটা দলৰ বিৰুদ্ধে ৭১ বছৰ পূৰ্বেই ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটা অসমৰ এই প্ৰদৰ্শন নিশ্চিতভাৱে চিন্তনীয়।

অসমৰ ছিনিয়ৰ দলটোৱে চৈয়দ মুস্তাক আলী টুৰ্ণামেণ্টৰ ৭ খন মেচৰ ৬ খনতেই পৰাস্ত হৈ বাহিৰ হোৱাৰ পিছত ২৩ অনূৰ্ধ্বৰ দলটোৰ এই প্ৰদৰ্শনৰ বাবে বহুতো ক্ৰিকেটপ্ৰেমীয়ে অসম ক্ৰিকেট সন্থাক দোষাৰোপ কৰিছে।

ক্ৰিকেটক ভালপোৱা একাংশই এয়া অসম ক্ৰিকেটৰ নিৰ্বাচকৰ ভুলৰ বাবেই সংঘটিত হোৱা বুলি মন্তব্য কৰিছে।

ৰাজ্যৰ চুকে কোণে প্ৰতিভাধাৰী ক্ৰিকেটাৰ থকাৰ পাছতো বছৰ বছৰ ধৰি সেই একেই কেইগৰাকী মুখকে দলত স্থান দি থকাৰ আঁৰত এক বৃহৎ ৰহস্য লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd