বাংগালুৰু প্লে অফত প্ৰৱেশৰ লগে লগে মুখ উলিয়ালে মালিয়াই; কোহলীৰ দলক বাৰ্তা ‘পলাতক’ প্ৰাক্তন মালিকৰ

বিৰাট কোহলীৰ দলৰ বাবে আহিল বিজয় মালিয়াৰ বাৰ্তা। শনিবাৰে চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি আই পি এলৰ প্লে অফত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰে। এই জয়ৰ পিছত দলটোৰ ‘পলাতক’ প্ৰাক্তন স্বত্বাধিকাৰী বিজয় মালিয়াই কোহলীৰ দলক এক বাৰ্তা দিছে।

বেংগালুৰু-চেন্নাই মেচৰ পিছত মালিয়াই নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘আই পি এলৰ প্লে অফত স্থান পোৱাৰ বাবে বেংগালুৰুক অভিনন্দন। বেয়া আৰম্ভণিৰ পিছতো জয়ী হোৱাৰ এই সফলতাৰ আঁৰত আছে ইচ্ছাশক্তি আৰু দক্ষতা। এইবাৰ ট্ৰফী জয়ৰ লক্ষ্যত যুঁজ আৰম্ভ।”

লগতে পঢ়কঃ ইৰাণত হেলিকপ্টাৰ দুৰ্ঘটনাত ‘সন্ধানহীন’ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি, বৈদেশিক মন্ত্ৰী আব্দুল্লাহিয়ান

একেৰাহে ৬খন মেচত জয়লাভ কৰি প্ৰথম চাৰিটা স্থানৰ সপোন পূৰণ কৰিছে কোহলী বাহিনীয়ে। প্লে অফত প্ৰৱেশ কৰিবলৈ হ’লে চেন্নাইক কেৱল হৰুৱালেই নহয়, ১৮ ৰানৰ অধিক ব্যৱধানত হৰুৱাবলগীয়া হৈছিল। কোহলীৰ দলে সেইটো কৰি দেখিৱালে। প্ৰথমে বেটিং কৰি দলটোৱে ২১৮ ৰান সংগ্ৰহ কৰে। ১৯১ ৰানত চেন্নাইৰ ইনিংছ সমাপ্ত হয়। বেংগালুৰুৱে ২৭ ৰানত জয়লাভ কৰি প্ৰথম চাৰিটা স্থানত থকাটো নিশ্চিত কৰে।

উল্লেখ্য যে ২০০৮ চনত আই পি এলৰ আৰম্ভণিতে আৰ চি বিৰ মালিক আছিল বিজয় মালিয়া। পৰৱৰ্তী কেইবছৰমান তেওঁ দলটো পৰিচালনা কৰিছিল। আৰচিবিৰ ঘৰুৱা খেলৰ সময়ত চিন্নাস্বামী ষ্টেডিয়ামত মালিয়া আৰু তেওঁৰ পুত্ৰ সিদ্ধাৰ্থক প্ৰায়ে দেখা গৈছিল।

https://x.com/TheVijayMallya/status/1791919014412685345?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1791919014412685345%7Ctwgr%5E4d1445e35e64070e63c6359736f67b7196a39051%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fsports.ndtv.com%2Fipl-2024%2Fvijay-mallya-posts-special-message-for-rcb-after-ipl-playoffs-qualification-5698429

২০১৬ চনত মালিয়াৰ বিৰুদ্ধে ঋণ পৰিশোধ নকৰাৰ অভিযোগ উত্থাপন হৈছিল। তেতিয়াৰ পৰা তেওঁ বিদেশত আছে। ২০১৬ চনৰ পৰা আৰচিবিৰ মালিকীস্বত্বও সলনি হৈছে। এতিয়া এই দলৰ লগত মালিয়াৰ কোনো সম্পৰ্ক নাই। ইয়াৰ পিছতো এই পোষ্টটোৰ পৰা স্পষ্ট যে তেওঁ নিজৰ পুৰণি দলটোৰ খবৰ ৰাখে।