বিৰাট কোহলীৰ পাছত টীম ইণ্ডিয়াৰ অধিনায়ক কোন হ’ব?
বহুচৰ্চিত এই প্ৰশ্নৰ উত্তৰ দিলে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক তথা অপেনাৰ চলমান বাটে।
অপেনাৰজনৰ মতে, আৰু ৮-৯ বছৰ ভাৰতীয় দলৰ অধিনায়ক হিচাপে থাকিব কোহলী।
”তাৰপাছত ঋষভ পণ্ট অধিনায়ক হ’ব পাৰে।”- বাটে এইদৰে কয়।
কেৱল পণ্ট নহয়, আৰু দুজন ক্ৰিকেটাৰক অধিনায়ক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিলে তেওঁ।
”ৰোহিত শৰ্মা অনন্য অধিনায়ক। মোৰ তেওঁক বেছি পচন্দ অধিনায়ক হিচাপে।”- তেওঁ কয়।
পণ্ট, ৰোহিতৰ উপৰিও আজিংক্য ৰাহানকো সম্ভাৱ্য অধিনায়ক হিচাপে গণ্য কৰে তেওঁ।
তেওঁ কয় যে শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ মাটিত আজিংক্যই যিদৰে খেলিছিল, সেই অনুসৰি অধিনায়কত্বৰ বাবে যোগ্যতা অৰ্জন কৰিছে।