• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত ফিলিপাইনছৰ প্ৰাক্তন মেয়ৰক যাৱজ্জীৱন কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2025 7:20 am
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফিলিপাইনছৰ এগৰাকী প্ৰাক্তন মেয়ৰক মানৱ সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। প্ৰৱঞ্চনা কেন্দ্ৰ চলোৱাত ভূমিকা গ্ৰহণ কৰা অপৰাধৰ বাবে এই ৰায়দান দিয়া হৈছে।

অভিযুক্ত প্ৰাক্তন মেয়ৰগৰাকীৰ নাম এলিছ গুও। যোৱা বছৰ চীনৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল ৩৫ বছৰীয়া মহিলাগৰাকীৰ বিৰুদ্ধে। অভিযোগ উত্থাপন হোৱাৰ পিছত কেইবা সপ্তাহ ধৰি তেওঁ পলাতক হৈ আছিল। পিছত ইণ্ডোনেছিয়াত ধৰা পৰে।

Apply Now

বৃহস্পতিবাৰে ফিলিপাইনছৰ আদালতে একে অভিযোগতে এলিছ গুও আৰু আন চাৰিজনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে আৰু ২০ লাখ পেছ’ (৩৩,৮৩২ ডলাৰ) জৰিমনা বিহা হয়।

ফিলিপাইনছত এবছৰ ধৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এলিছ গুওৰ গোচৰটো। গৃহ চহৰ বাম্বানত দেশৰ সৰ্ববৃহৎ জালিয়াতি কেন্দ্ৰ উদঙাই দিয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হয়। অভিযান চলাই প্ৰায় ৮০০ ফিলিপাইনছৰ নাগৰিক আৰু বিদেশীক কেন্দ্ৰটোৰ পৰা উদ্ধাৰ কৰা হয়।

উদ্ধাৰ হোৱা অধিকাংশ নাগৰিকে অনলাইন জালিয়াতিৰ জৰিয়তে মানুহৰ পৰা ধন আদায় কৰিবলৈ কাম কৰিবলৈ বাধ্য হোৱা বুলি জানিবলৈ দিয়ে।

এলিছ গুওৱে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে। অৱশ্যে তেওঁ এই ৰায়ৰ বিৰুদ্ধে আবেদন কৰিব নে নকৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ধন সৰবৰাহকে ধৰি আন পাঁচটা গোচৰৰ সন্মুখীন হৈছে এলিছ।

২০২২ চনত ফিলিপাইনছৰ ৰাজধানী মেনিলাৰ উত্তৰে অৱস্থিত বাম্বান চহৰৰ মেয়ৰ নিৰ্বাচিত হয় এলিছ। সেই সময়ত স্থানীয় লোকে তেওঁক এগৰাকী দয়ালু আৰু সহানুভুতিশীল নেত্ৰী হিচাপে চিনি পাইছিল।

কিন্তু ২০২৪ চনত এই শান্ত চহৰখন হঠাতে ৰাষ্ট্ৰীয় আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে। কৰ্তৃপক্ষই অনলাইন কেচিনোৰ আঁৰত লুকাই থকা এটা বিশাল জালিয়াতি কেন্দ্ৰ আৱিষ্কাৰ কৰে। স্থানীয়ভাৱে এই কেচিনোসমূহক ফিলিপাইন অনলাইন গেমিং অপাৰেচন (POGO) বুলি কোৱা হয়।

চীনৰ মূল ভূখণ্ডত জুৱা আইন মতে অবৈধ। এই POGO কেচিনোবোৰে তাত গ্ৰাহকক সেৱা আগবঢ়ায়।

এলিছে প্ৰথমে দাবী কৰিছিল যে তেওঁ এনে কোনো জালিয়াতি কেন্দ্ৰৰ বিষয়ে নাজানে। কিন্তু পিছত তদন্তত দেখা গ’ল যে তেওঁৰ কাৰ্যালয়ৰ অতি ওচৰত আঠ হেক্টৰ মাটিত এই কেন্দ্ৰটো আছিল। ইমান ঘনিষ্ঠ হৈ থকাৰ পিছতো ইয়াৰ বিষয়ে নাজানে বুলি দাবী কৰাটোৱে জনমানসত প্ৰশ্ন উত্থাপন কৰিলে। পিছত গম পোৱা গ’ল যে ৩৬টা অট্টালিকাৰ এই চৌহদটো এলিছৰ মালিকানাধীন মাটিত নিৰ্মাণ কৰা হৈছে।

অভিযোগ উত্থাপন হোৱাৰ পিছতে এলিছক মেয়ৰৰ পদৰ পৰা অপসাৰণ কৰা হয়। গোচৰৰ অধিক সবিশেষ পোহৰলৈ আহিবলৈ ধৰাত তেওঁ দেশ এৰি পলায়ন কৰে। পিছত তেওঁক ইণ্ডোনেছিয়াত গ্ৰেপ্তাৰ কৰি দেশলৈ ঘূৰাই অনা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd