NORTHEAST NOW (Assamese)

প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ এছ পি জি নিৰাপত্তা ব্যৱস্থা বাতিল

August 26, 2019 12:32 pm · এন ই নাও নিউজ

কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ চমুকৈ এছ পি জি নিৰাপত্তা ব্যৱস্থা বাতিল কৰে। ইয়াৰ বিপৰীতে প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ নিৰাপত্তা প্ৰদান কৰিব চি আৰ পি এফে।

কেন্দ্ৰীয় চৰকাৰে এই কথা আজি জানিবলৈ দিয়ে। এতিয়াৰে পৰা এছ পি জি নিৰাপত্তা ব্যৱস্থা কেৱল চাৰিজন ব্যক্তিয়েহে লাভ কৰিব। তেওঁলোক হ’ল ক্ৰমে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, কংগ্ৰেছ অধ্যক্ষ ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী।

ইফালে প্ৰাক্তন প্রধান মন্ত্ৰী মনমোহন সিঙেও কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনায়।

উল্লেখযোগ্য যে ইন্দিৰা গান্ধীক দেহৰক্ষীয়ে হত্যা কৰাৰ পিছত প্ৰধান মন্ত্ৰীৰ সুৰক্ষাৰ বাবে ১৯৮৫ চনত স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ চমুকৈ এছ পি জি গঠন কৰা হৈছিল।

আৰু ১৯৯১ চনত এই এছ পি জি আইনখন সংশোধন কৰি প্ৰাক্তন প্ৰধান মন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ লোকক পৰৱৰ্তী ১০ বছৰলৈকে এছ পি জিৰ নিৰাপত্তা ব্যৱস্থা প্ৰদান কৰাৰ নিয়ম কৰা হৈছিল।

Related News