NORTHEAST NOW (Assamese)

অসমলৈ আহিব বাজপেয়ীৰ চিতাভস্ম, গুৱাহাটীত ক’ত জনাব পাৰিব শ্ৰদ্ধাঞ্জলি?

August 21, 2018 5:20 pm · এন ই নাও নিউজ
Updated: August 21, 2018 5:34 pm

বুধবাৰে অসম পাবহি সদ্যপ্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ চিতাভস্ম। বৃহস্পতিবাৰে অসমৰ ব্ৰহ্মপু্ত্ৰ আৰু বৰাক নৈত বাজপেয়ীৰ অস্থি বিসৰ্জন দিয়া হ’ব।

দিল্লীৰ পৰা গুৱাহাটীলৈ প্ৰদেশ বিজেপি সভাপতি ৰঞ্জিত দাসে কঢ়িয়াই আনিব লগা অস্থি দিনৰ ২:৩০ বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত গ্ৰহণ কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বিমান বন্দৰৰ পৰা সমদল কৰি বিজেপিৰ পিতামহগৰাকীৰ অস্থি হেঙেৰাবাৰীত থকা মুখ্য কাৰ্য্যালয় বাজপেয়ী ভৱনলৈ নিয়াৰ পিছত বুধবাৰে নিশাটো কাৰ্বি ভৱনৰ খেল পথাৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰখা হ’ব।

আনহাতে মন্ত্ৰী ৰঞ্জিত দত্তৰ নেতৃত্বত এটা দলে বৰাকত অস্থি বিসৰ্জন দিব। দত্তৰ নেতৃত্বত যাব লগা দলটোত প্ৰবীণ বিজেপি নেতা নাৰায়ণ বৰকটকীৰ লগতে ছুম ৰংহাং, ডঃ ৰাজদ্বীপ ৰয়, বিমল অচৱাল আৰু বিশ্বৰূপ ভট্টাচাৰ্য্যও থাকিব।

অস্থি বিসৰ্জনৰ পিছত অহা ২৭ আগষ্টত গুৱাহাটীৰ  শংকৰদেৱ কলাক্ষেত্ৰত প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হ’ব।

Related News