বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ বিহপুখুৰীত সংঘটিত হল এক জঘন্য কাণ্ড। ৭০ বছৰতকৈও অধিক বয়সৰ এগৰাকী মহিলাক নিজ গৃহতে কেইজনমান দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰাৰ বাতৰি জানিব পৰা গৈছে। ঘৰত কোনো নথকা সুযোগ গ্ৰহণ কৰি দুবৃত্তই মহিলা গৰাকীক নিজৰ কামনাৰ বলি কৰিলে ।
আইতা গৰাকীৰ একমাত্ৰ পুত্ৰজনে নিশা নিজৰ কৰ্তব্য স্থানলৈ যোৱাৰ পাছতে নিজ গৃহতে দলবদ্ধ ধৰ্ষণৰ বলি হ’ল আইতা গৰাকী।
মানৱ জাতিক কলংকিত কৰা পেলোৱা এই ঘটনা আজি পোহৰলৈ অহাৰ পাছতে এতিয়া স্থানীয় লোক সকলে ঘটনাস্থলীত উপস্থিত হৈ এই অপৰাধৰ উচিত তদন্তৰ দাবী কৰিছে।
এইফালে স্থানীয় ৰাইজে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আজি জিনজিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰিব বুলি জানিব দিছে। লগতে স্থানীয় ৰাইজৰ অভিযোগ যে সমগ্ৰ মোনাবাৰী অঞ্চলতে অবৈধ অৰুণাচলী মদৰ প্ৰকোপ বৃদ্ধি হোৱাৰ বাবেই যুৱ প্ৰজন্মৰ মাজত এনে অপৰাধ-প্ৰৱণ মানসিকতা ক্ৰমাৎ বৃদ্ধি পাই আহিছে।
আনহাতে মৰিগাঁও জিলাৰ জাগীৰোডতো সংঘটিত হৈছে তদ্ৰুপ ধৰ্ষণৰ ঘটনা। জানিব পৰা মতে পবিত্ৰ দাস নামৰ এটা লম্পটে এজনী ৮ বছৰীয়া শিশুক ঘৰত কোনো নথকাৰ সুযোগত ধৰ্ষণ কৰে।
যোৱা ১৮ আগষ্টত শিশু ছোৱালীজনীয়ে আইতাকক বিচাৰি লম্পট পবিত্ৰ দাসৰ ঘৰলৈ যোৱাত তেওঁ ছোৱালীজনীক ধৰ্ষণ কৰাৰ লগতে প্ৰকাশ কৰিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল।
শিশুটিয়ে পাছত পৰিয়ালৰ আগত উক্ত ঘটনা ব্যক্ত কৰিছিল আৰু পাছত কন্যা শিশুটিৰ পিতৃ ইন্দ্ৰ দাসে লম্পট পৱিত্ৰ দাসৰ বিৰুদ্ধে জাগীৰোড থানাত অভিযোগ দিয়ে। জাগীৰোড থানাত ৩২৮/১৮ নম্বৰত পঞ্জীয়নভুক্ত গোচৰৰ ভিত্তিত সোমবাৰে আত্মগোপন কৰা ঠাইৰ পৰা লম্পট পৱিত্ৰ দাসক গ্ৰেপ্তাৰ কৰি মৰিগাঁও জেল হাজোতলৈ প্ৰেৰণ কৰা হয়।