• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগ্ৰীজুলিত লাডেনৰ আক্ৰমণত  ২৪ ঘণ্টাত  নিহত দুজন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 21, 2018 5:28 pm
IMG-20180821-WA0032
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ নাগ্ৰীজুলিত লাডেন সন্ত্ৰাস অব্যাহত আছে। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ  বৃহৎ জাকৰ পৰা ফালৰি কাটি অহা লাডেন নামেৰে কুখ্যাতি লাভ কৰা  বনৰীয়া মখনা হাতীটোৱে আক্ৰমণ কৰি এজন লোকক হত্যা কৰে।  নিহত লোকজন হৈছে নাগ্ৰীজুলিৰ কুম্ভীঝাৰ গাঁওৰ জনমণি চকৰ সম্ভূ বড়ো (৫৫)।

বিগত বহু বছৰ ধৰি এই অকলশৰীয়া হাতীটোৱে সমগ্ৰ তামুলপুৰ মহকুমাৰ বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত সন্ত্ৰাস অব্যাহত ৰাখিছে। যোৱা কালি দুপৰীয়া এই লাডেন নামৰ বনৰীয়া হাতীটোৱে নাগ্ৰীজুলি চাহ বাগিচাত ৰঘু মুণ্ডা ওৰফে অজয় মুণ্ডা নামৰ লোক এজনক হত্যা কৰাৰ পিছত আজি পুৱা প্ৰায় ৫ বজাত সম্ভূ বড়োক হত্যা কৰে।

Apply Now

জানিব পৰা মতে লাডেনে আজি পুৱতি নিশা খাদ্যৰ সন্ধানত কুম্ভীঝাৰ গাঁৱত প্ৰৱেশ কৰিছিল। নাগ্ৰীজুলীৰ কুম্ভীঝাৰ গাঁও নিবাসী সম্ভূৱে পুৱা শুই উঠি নিত্য কৰ্ম সমাপনৰ বাবে নিজৰ ঘৰৰ চৌহদৰ বাৰীৰ পিছফালে যাওঁতে হঠাতে লাডেন নামৰ হাতীটোৰ মুখামুখি হয়। বড়োক দেখি হাতীটোৱে খেদি আহি আক্ৰমণ কৰে। হাতীটোৱে প্ৰথমে সম্ভূক লাঠিয়াই দিয়ে আৰু পিছত গচকি নৃশংস ভাবে হত্যা কৰে।

ঘটনা সন্দৰ্ভত স্থানীয় লোকে নাগ্ৰীজুলি আৰক্ষী চকীত খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে  নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল সিংহই কেইগৰাকীমান আৰক্ষীৰ লোকক লগত লৈ ঘটনাস্থলীত উপস্থিত হয় আৰু হাতীৰ আক্ৰমণত নিহত হোৱা সম্ভূৰ  মৃতদেহ উদ্ধাৰ কৰি নাগ্ৰীজুলি আৰক্ষী চকীলৈ লৈ আনে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে বাক্সা জিলা সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰে।

ইপিনে কালি হাতীৰ আক্ৰমণত  নাগ্ৰীজুলি চাহ বাগিচাৰ ৰঘু মুণ্ডাৰ মৃত্যুক লৈ নাগ্ৰীজুলিত তীব্ৰ উত্তেজনা অব্যাহত আছে। আজি তামুলপুৰ বনাঞ্চলিক কাৰ্য্যালয়ৰ বনাঞ্চলিক বিষয়া কেশৱ ব্ৰহ্ম, বন বিভাগৰ বিষয়া আৰু মহকুমা প্ৰশাসনৰ বিষয়া নাগ্ৰীজুলিত উপস্থিত হৈ চাহ জনজাতি ছাত্র সন্থা, আদিবাসী ছাত্র সংস্থা, চাহ মজদুৰ সংঘ আৰু নাগ্ৰীজুলি অঞ্চলৰ ৰাইজৰ লগত মিলিত হৈ এক আলোচনাত মিলিত হয় আৰু বনৰীয়া হাতী খেদি পঠিওৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।

ইপিনে আজি পুৱা হাতীটোৱে সম্ভূক হত্যা কৰাৰ উপৰিও নাগ্ৰীজুলিৰ ভাওৰাগুৰি গাঁওৰ গগণ চকত কেইবাখনো দোকান আৰু বাসগৃহ ভাঙি পেলোৱাৰ লগতে দোকান আৰু পৰিয়ালটোৰ ঘৰৰ ভিতৰত থকা খাদ্য সামগ্ৰী সমূহ খাই তাণ্ডৱ চলায়।

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, লাডেন নামৰ হাতীটোৱে এতিয়াও নাগ্ৰীজুলি চাহ বাগিচাৰ সমীপতেই বিচৰণ কৰি আছে। লাডেনৰ উপস্থিতিত এলেকাটোৰ ৰাইজ এতিয়াও সন্ত্ৰস্ত হৈ আছে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd