মাইবাঙ মহকুমাৰ কালাচান্দ আৰু মুপাৰ মাজত ৬ মাহ পূৰ্বে নিৰ্মাণ কৰা ইষ্ট ৱেষ্ট কৰিডৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ প্ৰায় এশ মিটাৰ অংশ ভাঙি চিঙি যোৱাত এতিয়া নিৰ্মাণত জড়িত সংস্থাটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠাৰ লগতে বিপদ শংকুল যাত্ৰা কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ।
স্থানীয় ৰাইজে দিয়া তথ্য অনুসৰি এন কে চি ইনফ্ৰা প্ৰজেক্টচ্ নামৰ বহিৰাগত নিৰ্মাণ সংস্থাই উক্ত পথ নিৰ্মাণ কৰি আজিৰ পৰা ছ’মাহ আগতে ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰনক পথটো হস্তান্তৰ কৰিছিল।
উল্লেখ্য যে প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ সপোনৰ পথ আছিল শিলচৰ- সৌৰাষ্ট্র ইষ্ট ৱেষ্ট কৰিডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো। কিন্তু যোৱা প্ৰায় এঘাৰ বছৰে সম্পূৰ্ণ হৈ উঠা নাই ঘাইপথ। ঘাইপথ নিৰ্মাণত সংঘটিত হোৱা অনেক দুৰ্নীতি আৰু অনিয়মৰ বাবেই এনেদৰে পথ নিৰ্মাণৰ ছ’মাহৰ পাছতে ভাঙি গৈছে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথ।
মন কৰিবলগীয়া কথাটো হ’ল যে বৰ্তমানৰ এনডিএ চৰকাৰ ক্ষমতাত অহাৰ আগতে যদিও প্ৰতিশ্ৰুতি দিছিল কিন্তু বাস্তৱত যোৱা চাৰি বছৰে ঘাইপথ নিৰ্মাণৰ কাম আগুৱাই নিয়াৰ ক্ষেত্ৰত কোন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে নৱনিৰ্মিত পথছোৱা ভাঙি যোৱাটোহে এতিয়া কোটি টকীয়া প্ৰশ্ন।
আনহাতে জাতিঙ্গা-হাৰাঙ্গাজাওৰ মাজৰ ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ কাম যোৱা সাত বছৰ ধৰি সাত শতাংশও সম্পূৰ্ণ নোহোৱাত এতিয়া সকলোৰে মুখত এটায়ে প্ৰশ্ন উচ্চাৰিত হোৱা পৰিলক্ষিত হৈছে যে প্ৰয়াত প্ৰধান মন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ সপোনৰ ইষ্ট ৱেষ্ট কৰিডৰ কেতিয়া সম্পূৰ্ণ হৈ উঠিব।
ইয়াৰ উপৰি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত নিয়োজিত ঠিকাদাৰী সংস্থাই কৰা চৰম অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা প্ৰদৰ্শন কৰা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।