DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিভ্ৰান্তিকাৰী প্ৰচাৰ কেতিয়াও কূটনীতি তথা শক্তিশালী নেতৃত্বৰ বিকল্প হ’ব নোৱাৰে: ড০ মনমোহন সিং

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2020 10:57 am
manmohan-singh_625x300_05_December_19 new

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং।

2.2k
VIEWS
Share on FacebookShare on Twitter

চীনক প্ৰত্যুত্তৰ দিয়াৰ বাবে মোদী চৰকাৰক আহ্বান জনাইছে প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙে।

লাডাখ সীমান্তত শ্বহীদ হোৱা জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ সিঙে কয় যে জোৱানসকলৰ ত্যাগ অথলে যোৱা উচিত নহয়।

তেওঁ কয় যে সমগ্ৰ দেশে একত্ৰিত হৈ সংগঠিতভাৱে তেওঁলোকৰ দু:সাহসৰ প্ৰত্যুত্তৰ দিয়াৰ এয়াই সময়।

প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীয়ে কয়,’’যোৱা ১৫-১৬জুনত গলৱান উপত্যকাত ভাৰতৰ ২০গৰাকী সাহসী জোৱানে জীৱন উৎসৰ্গা কৰিলে। দেশৰ এই সন্তানসকলে শেষ নিশ্বাস ত্যাগ কৰালৈকে দেশক ৰক্ষা কৰিলে। এই সৰ্বোচ্চ ত্যাগৰ বাবে আমি এই সাহসী সৈনিক তথা তেওঁলোকৰ পৰিয়ালৰ প্ৰতি কৃতজ্ঞ। কিন্তু তেওঁলোকৰ এই বলিদান অথলে যোৱা উচিত নহয়।‘’

ড০ সিঙে লগতে কয় যে আজি আমি ইতিহাসৰ এক সংকটপূৰ্ণ অৱস্থাত থিয় হৈছো। আমাৰ চৰকাৰৰ সিদ্ধান্ত আৰু চৰকাৰৰ পদক্ষেপে নিৰ্দ্ধাৰণ কৰিব আমাৰ ভৱিষ্যৎ প্ৰজন্মই আমাক কিদৰে মূল্যায়ন কৰে।

তেওঁ কয় যে যিসকলে দেশৰ নেতৃত্ব দিছে তেওঁলোকৰ কান্ধত কৰ্তব্যৰ গধূৰ দায়িত্ব আছে। আমাৰ গণতন্ত্ৰত এই দায়িত্ব প্ৰধান মন্ত্ৰীৰ।

প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰীয়ে তেওঁৰ ভাষ্য আৰু ঘোষণাৰ দ্বাৰা দেশৰ সুৰক্ষা আৰু সামৰিক তথা ভূখণ্ডত পৰিবলগীয়া প্ৰভাৱৰ প্ৰতি সদায় অত্যন্ত সতৰ্ক থকা উচিত।

তেওঁ কয় যে চীনে এপ্ৰিলৰ পৰা আজিলৈকে গলৱান উপত্যকা তথা পেংগং সো লেকত বহুৱাৰ জোৰকৈ অনুপ্ৰৱেশ কৰিছে।

ড০ মনমোহন সিঙে কয় যে আমি তেওঁলোকৰ ধমকি বা চাপৰ সন্মুখত না নতি স্বীকাৰ কৰিম না সাৰ্বভৌমত্বক লৈ কোনো আপোচ কৰিম। প্ৰধান মন্ত্ৰীয়ে তেওঁৰ বক্তব্যৰে ষড়যন্ত্ৰকাৰী শক্তিক উৎসাহ দিয়া উচিত নহয়।

চৰকাৰে ইয়াৰ সকলো বিভাগকে এই বিপদৰ মুখামুখি হ’বলৈ তথা স্থিতি অধিক গুৰুতৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ পাৰস্পৰিক সহযোগিতাৰে কাম কৰাটো সুনিশ্চিত কৰিব লাগে।

তেওঁ চৰকাৰক আহ্বান জনাই কয় যে বিভ্ৰান্তিকাৰী প্ৰচাৰ কেতিয়াও কূটনীতি তথা শক্তিশালী নেতৃত্বৰ বিকল্প হ’ব নোৱাৰে।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd