NORTHEAST NOW (Assamese)

বিশিষ্ট চিকিৎসক, জিএমচিএইচৰ প্ৰাক্তন অধ্যক্ষ ডাঃ অতীন্দ্ৰ কুমাৰ অধিকাৰীৰ পৰলোকপ্ৰাপ্তি

August 31, 2020 2:31 pm · এন ই নাও নিউজ
ডাঃ অতীন্দ্ৰ কুমাৰ অধিকাৰী। ফাইল ফটো

ৰাজ্যৰ এগৰাকী আগশাৰীৰ বিশিষ্ট চিকিৎসক ডাঃ অতীন্দ্ৰ কুমাৰ অধিকাৰীৰ পৰলোক প্ৰাপ্তি ঘটিছে।

কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বিশিষ্ট চিকিৎসকগৰাকীৰ সোমবাৰে পুৱা পৰলোকপ্ৰাপ্তি ঘটে।

ডাঃ অধিকাৰী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যখনৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল।

দেশৰ স্বাস্থ্যখণ্ডত মেডিচিন বিষয়ৰ বিশেষজ্ঞ হিচাপে ডাঃ অধিকাৰী সুপৰিচিত আছিল।

তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ এলম্যুনাই এছ’চিয়েচনৰ সভাপতিৰ দায়িত্বততো আছিল।

বিশিষ্ট চিকিৎসকগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী আৰু দুগৰাকী কন্যা ইহ সংসাৰত এৰি থৈ গৈছে।

ৰাজগড়স্থিত সৈনিক ভৱনৰ সমীপৰ বাসভৱনত সোমবাৰে তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে তেওঁৰ বন্ধুবৰ্গকে ধৰি আত্মীয়সকল শোকাভিভূত হৈ পৰে।

জানিব পৰা মতে, দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ ৰাজ্যৰ বাহিৰত চিকিৎসা সম্পন্ন কৰি প্ৰায় সুস্থ অৱস্থাত তেওঁ ঘৰলৈ উভতি আহিছিল।

কিন্তু কৰ’নাৰ পৰিস্থিতিৰ বাবে শেহতীয়াকে পৰৱৰ্তী চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ পুনৰ বাহিৰলৈ যাব পৰা নাছিল চিকিৎসকগৰাকী।

অৱশেষত সোমবাৰে তেওঁ নিয়তিৰ ওচৰত হাৰ মানি ইহ সংসাৰৰপৰা বিদায় মাগে।

Related News