• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

বিশেষজ্ঞৰ মতে দেশৰ বিভিন্ন এইমছত শিক্ষকৰ সংকট যদি দীৰ্ঘদিন ধৰি অব্যাহত থাকে তেন্তে নতুন এইমছত চিকিৎসা সেৱা, গৱেষণা আৰু উচ্চ শিক্ষাৰ সম্প্ৰসাৰণতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2026 10:31 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অন্যতম শীৰ্ষ চিকিৎসা প্ৰতিষ্ঠানসমূহত শিক্ষকৰ সংকট এতিয়াও ডাঙৰ চিন্তাৰ বিষয়। দেশৰ ২০খন অপাৰেচনেল এইমছ চিকিৎসালয়ত অনুমোদিত ৬,৩০৪টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদৰ ভিতৰত এতিয়া ২১৮১টা পদ খালী। অৰ্থাৎ প্ৰায় প্ৰতি তিনিটা পদৰ ভিতৰত এটাকৈ পদ খালী হৈ আছে। কেৱল শিক্ষকেই নহয়, ১৫,১৫৯টা নন-ফেকাল্টি পদতো নাটনি হৈছে। শুকুৰবাৰে লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী প্ৰতাপ্ৰৰাও জাধৱে এই তথ্য প্ৰদান কৰে।

চৰকাৰী তথ্য অনুসৰি দেশৰ সৰ্ববৃহৎ আৰু অতি ব্যস্ত দিল্লী এইমছতো পৰিস্থিতি উদ্বেগজনক। তাত অনুমোদিত ১৩১৩টা অধ্যাপক পদৰ ভিতৰত ৮৭৭টা পদতহে অধ্যাপক আছে। ফলত ৪৩৬টা পদ এতিয়াও খালী হৈ আছে। একে সময়তে অনুমোদিত ১৩,৯১৩টা নন-ফেকাল্টি পদৰ ভিতৰত ২,৪৬১টা পদ খালী।

Apply Now

একাংশ বিশেষজ্ঞৰ মতে দেশৰ বিভিন্ন এইমছত শিক্ষকৰ সংকট যদি দীৰ্ঘদিন ধৰি অব্যাহত থাকে তেন্তে নতুন এইমছত চিকিৎসা সেৱা, গৱেষণা আৰু উচ্চ শিক্ষাৰ সম্প্ৰসাৰণতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

কেন্দ্রই জনোৱা মতে, খালী পদ পূৰণৰ বাবে কেইবাটাও পদক্ষেপ গ্রহণ কৰা হৈছে৷ নিয়মীয়া স্থায়ী বাছনি সমিতিৰ জৰিয়তে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। প্ৰয়োজন অনুসৰি অৱসৰপ্ৰাপ্ত অধ্যাপকসকলক ৭০ বছৰ বয়সলৈকে ঠিকাভিত্তিকভাৱে নিযুক্তি দিয়াৰ সুযোগ দিয়া হৈছে। ইয়াৰ উপৰিও নন-ফেকাল্টি পদত নিযুক্তি ক্ষিপ্ৰতাৰে কৰিবলৈ ‘ন’ৰছেট’কে ধৰি সাধাৰণ নিযুক্তি পৰীক্ষা ব্যৱস্থাও ৰূপায়ণ কৰা হৈছে।

কিন্তু বিৰোধীয়ে দাবী কৰিছে যে দেশৰ শীৰ্ষ চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানসমূহত ইমান বৃহৎ সংখ্যক খালী পদে ৰোগীৰ সেৱা, চিকিৎসা শিক্ষা আৰু গৱেষণাৰ মানদণ্ডত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। যদিও কেন্দ্ৰই দাবী কৰিছে যে পৰ্যায়ক্ৰমে নিযুক্তিৰ জৰিয়তে খালী পদ হ্ৰাস কৰাৰ কাম চলি আছে আৰু শেহতীয়া নিযুক্তি অভিযানত বহু পদ পূৰণ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd