DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

ভাৰত জোড়ো যাত্ৰাত আন এক মুখ: ৰাহুল গান্ধীক সংগ দিলে ৰ’- ৰ প্ৰাক্তন মুৰব্বী অমৰজিৎ সিং দুলাটে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2023 7:26 pm
Bharat Jodo Yatra
78
VIEWS
Share on FacebookShare on Twitter

দেশত বিজেপিয়ে বিভাজনৰ ৰাজনীতিৰে অপশাসন চলোৱাৰ অভিযোগ তুলি বিজেপি চৰকাৰৰ এই অপশাসনৰ বিৰুদ্ধে দেশবাসীক একত্ৰিত কৰাৰ লক্ষ্যৰে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই ইতিমধ্যে তিনিমাহ অতিক্ৰম কৰিছে।

কংগ্ৰেছৰ এই বিশেষ কাৰ্যসূচীয়ে ব্যাপক জনসমৰ্থন লাভ কৰা দেখিবলৈ পোৱা গৈছে। যোৱা ৮ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা দলটোৰ এই ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰা যাত্ৰীসকলে আজি উত্তৰ প্ৰদেশত প্ৰৱেশ কৰে।

আজি ভাৰত জোড়ো যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে দেখিবলৈ পোৱা যায় এগৰাকী বিশেষ ব্যক্তিক। ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ’ (RAW)- ৰ প্ৰাক্তন মুৰব্বী অমৰজিৎ সিং দুলাটে আজি ৰাহুল গান্ধীক যাত্ৰাত সংগ দিয়ে।

৯ দিনীয়া বিৰতিৰ অন্তত পুনৰ আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ পূৰ্বে দিল্লীৰ বাবৰপুৰ অঞ্চলত ৰ’- ৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে যাত্ৰাত যোগদান কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে একেলগে পদযাত্ৰা কৰে।

কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা এখন ফটোত ৰাহুল গান্ধীৰ সৈতে হাতত হাত ধৰি অমৰজিৎ সিং দুলাটে পদযাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে।

Former Special Director of the Indian Intelligence Bureau & former Secretary of Research and Analysis Wing (RAW) Shri A.S. Dulat joins Shri @RahulGandhi during the #BharatJodoYatra. A.S. Dulat also served as an advisor on J&K in the Vajpayee government after his retirement. pic.twitter.com/fMu6iaN7am

— Congress (@INCIndia) January 3, 2023

উল্লেখ্য যে ভাৰত জোড়ো যাত্ৰাত বিগত সময়চোৱাত ৰাজনৰ উপৰি আন বহুকেইগৰাকী বিশিষ্ট লোকেও অংশগ্ৰহণ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ৰাজস্থানত ভাৰত জোড়ো যাত্ৰাত যোগদান কৰিছিল।

২৪ ডিচেম্বৰত দিল্লীত এই পদযাত্ৰাত অভিনেতা তথা মক্কল নীধি মৈয়ামৰ মুৰব্বী কমল হাছানেও অংশ লৈছিল। সমাজ কৰ্মী মেধা পাটকাৰ, যোগেন্দ্ৰ যাদৱ, মহাত্মা গান্ধীৰ আজো-নাতি লেখক তথা সমাজ কৰ্মী তুষাৰ গান্ধী, অভিনেত্ৰী স্বাৰা ভাস্কৰ, বক্সাৰ বিজেন্দৰ সিঙৰ লগতে আন বহুকেইগৰাকী ব্যক্তিয়ে ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীক সংগ দিছে।

ইয়াৰ উপৰিও দেশৰ ৰাজনীতিত খলকনি তোলা, জাতিভেদ ব্যৱস্থাৰ নিষ্ঠুৰতাৰ বলি হৈ ২০১৭ চনত আত্মহত্যাৰ পথ বাচি লোৱা হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰোহিত ভেমুলাৰ মাতৃ, ২০১৭ চনতে আততায়ীৰ গুলীত প্ৰাণ হেৰুওৱা সাংবাদিক গৌৰী লংকেশৰ মাতৃ-ভগ্নীয়েও ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল।

দিল্লীৰ কাশ্মীৰী গেটৰ পৰা যাত্ৰা পুনৰ আৰম্ভ হোৱাৰ পাছত আজি গাজিয়াবাদৰ লনী সীমান্তৰে উত্তৰ প্ৰদেশত প্ৰৱেশ কৰে ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো যাত্ৰা। ৩ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ উত্তৰ প্ৰদেশৰ মাজেৰে ভাৰত জোড়ো যাত্ৰাই ৬ জানুৱাৰীত হাৰিয়ানাত উপস্থিত হ’ব আৰু ১১ জানুৱাৰীত পঞ্জাৱত প্ৰৱেশ কৰিব।

Recent News

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd