NORTHEAST NOW (Assamese)

‘আই বি’ৰ মুৰব্বী পদত শোণিতপুৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰ

June 27, 2019 9:59 am · এন ই নাও নিউজ
Updated: June 27, 2019 10:08 am
ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

দেশৰ অন্যতম প্ৰধান চোৰাংচোৱা সংস্থা ইনটেলিজেন্স ব্যুৰ’ (আই বি)ৰ মুৰব্বী পদত অধিষ্ঠিত শোণিতপুৰ জিলাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰ। কুমাৰ ১৯৮৪ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া আছিল।

বুধাবাৰে প্ৰধান মন্ত্ৰী মোদীৰ অধ্যক্ষতাত কেবিনেট নিযুক্তি কমিটীয়ে দেশৰ দুই শীৰ্ষ চোৰাংচোৱা সংস্থা ‘আই বি’ আৰু ‘ৰ’ৰ দুই নতুন মুৰব্বীক নিযুক্তি দিয়ে।

ইয়াৰে অৰবিন্দ কুমাৰক ইনটেলিজেন্স ব্যুৰ’ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে বালাকোটৰ ছাৰ্জিকেল আক্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ ভুমিকা লোৱা সামন্ত গোৱেলক ৰিছাৰ্চ এণ্ড এনালাইছিছ উইং অৰ্থাৎ ‘ৰ’ৰ সঞ্চালক হিচাপে নিয়োগ কৰা হয়।

দুয়োগৰাকী বিষয়াই অহা ৩০ জুনত দুবছৰীয়া স্থায়ী কাৰ্যকালৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিব। বৰ্তমানৰ ‘আই বি’ৰ সঞ্চালক অনিল ধাছমানা আৰু ‘ৰ’ৰ সঞ্চালক ৰাজীৱ জৈনৰ যোৱা ডিচেম্বৰতে নিৰ্দিষ্ট কাৰ্যকাল অন্ত পৰিছিল যদিও ৬ মাহৰ বাবে তেওঁলোকৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল।

উল্লেখযোগ্য যে শোণিতপুৰৰ প্ৰাক্তন আৰক্ষী অধিক্ষক অৰবিন্দ কুমাৰে ১৯৯১ চনৰ পৰা ‘আই বি’ৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। পূৰ্বে মাওবাদী নিয়ন্ত্ৰণ ডেস্কৰ দায়িত্বত থকা কুমাৰ বৰ্তমান তেওঁ ‘আই বি’ৰ কাশ্মীৰ বিভাগৰ বিশেষ সঞ্চালকৰ দায়িত্বত আছে।

Related News