• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰতিবাদৰ নামত বিজেপিয়ে কৰা অশোভনীয় আচৰণক ধিক্কাৰ কংগ্ৰেছৰ

কংগ্ৰেছৰ দিনতো হৈছিল কিন্তু বিজেপিৰ দিনত কয়লাৰ চোৰাং বেহাই বিশালতা লাভ কৰিছে : মাৰ্ঘেৰিটা কংগ্ৰেছ

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , June 27, 2019 10:09 am

2 min read

Margherita Congress

ফটো : নৰ্থ-ইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত অবাধ গতিত অব্যাহত চোৰাং কয়লা বেহাৰ বিৰুদ্ধে প্ৰদ্যুত বৰদলৈৰ দৰে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিয়েও কঠোৰ স্থিতি গ্ৰহণৰ কথা ঘোষণা কৰিলে।

বুধবাৰে মাৰ্ঘেৰিটাস্থিত ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি সভাপতি বাসুদেৱ ছেত্ৰীয়ে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনতো কয়লাৰ চোৰাং বেহা চলিছিল কিন্তু বিজেপি চৰকাৰৰ সময়ত কয়লাৰ বেহাই বিশালতা লাভ কৰিছে। কংগ্ৰেছ চৰকাৰৰ সময়ত এই বেহাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান চলিছিল আৰু অবৈধ ভাৱে গোটোৱা বনজ সম্পদ জব্দ হৈছিল। কিন্তু বৰ্তমান অৰাজক ভাৱে এই বেহা চলি আছে বুলি ছেত্ৰীয়ে প্ৰকাশ কৰে।

তেওঁ অৱশ্যে এই তিনিবছৰে এই সন্দৰ্ভত দলীয় ভাৱে প্ৰতিবাদ কৰিব নোৱাৰাটো বিফলতা বুলি স্বীকাৰ কৰে। তেওঁ নগাঁৱৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুত বৰদলৈ ৰাজ্যখনৰে এগৰাকী আগশাৰীৰ নেতা বুলি প্ৰকাশ কৰি তেনে নেতাৰ বিৰুদ্ধে কালি প্ৰতিবাদৰ নামত বিজেপিয়ে কৰা অশোভনীয় আচৰণক ধিক্কাৰ দিয়ে। প্ৰতিবাদৰ নামত কংগ্ৰেছে মাৰ্ঘেৰিটাত কেতিয়াও অশালীন আচৰণ কৰা নাই বুলি কয়।

অন্যহাতে সংবাদমেলখনত উপস্থিত থাকি দলৰ ৰাজ্যিক মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁইয়ে বিজেপিয়ে একাংশ সমৰ্থক তথা কয়লা ব্যৱসায়িক লগত লৈ মাৰ্ঘেৰিটাৰ বাছ আস্থানৰ কাষত কৰা প্ৰতিবাদত নগাঁৱৰ সাংসদ তথা মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুত বৰদলৈৰ পুত্তলিকাক গুৰিয়াই তথা অপমানসূচক মন্তব্য প্ৰকাশ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে৷

উল্লেখযোগ্য যে সাংসদ বৰদলৈয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কয়লা চিণ্ডিকেটত জড়িত থকাৰ লগতে কপালত লোৱা বগা ফোটকলৈ কৰা মন্তব্যৰ প্ৰতিবাদত মঙলবাৰে বিজেপিৰ যুৱ মৰ্চাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।

বৰগোহাঁইয়ে প্ৰদ্যুত বৰদলৈয়ে ১৫ বছৰীয়া শাসনত একো কৰা নাই বুলি বিজেপিয়ে কৰা মন্তব্য হাস্যকৰ আখ্যা দি কয় যে বৰদলৈয়ে নিজ শাসনকালত কিমান কাম কৰিলে সেইয়া মাৰ্ঘেৰিটাবাসীয়ে জানে। তেওঁ মাৰ্ঘেৰিটাৰ জোঁৱাই বুলি কৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো সমালোচনা কৰি দুৰ্নীতিগ্ৰস্ত আখ্যা দিয়ে।

ইফালে এই তিনিবছৰে মাৰ্ঘেৰিটাৰ কোনো ইচ্যুৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা প্ৰদ্যুত বৰদলৈয়ে সাংসদ হোৱাৰ লগে লগে তৎপৰ হোৱা প্ৰসংগত জানিব বিচৰাত সাংবাদিকক সঠিক উত্তৰ দিয়াত ব্যৰ্থ হয় দলটোৰ নেতৃবৃন্দ।

সংবাদমেলখনত জিলা সম্পাদক প্ৰবীণ ৰাজখোৱা, জ্যেষ্ঠ নেতা সৰোজ ৰয়, তৰাপ্ৰসাদ দিহিঙ্গীয়া, নৃপেন ৰয় আদি উপস্থিত থাকে ৷

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd