ওদালগুৰি জিলাৰ বিশিষ্ট ক্ৰীড়া প্ৰশাসক তথা সংগঠক ইছাহক খাকলাৰীয়ে যোৱা ২৪ আগষ্টত আকষ্মিকভাৱে মৃত্যুক আকোৱালি লোৱাত জিলাখনৰ বহু দল-সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ মৃত্যু অসমৰ ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
খাকলাৰীয়ে ৰাজ্য চৰকাৰৰ এগৰাকী দক্ষ জিলা ক্ৰীড়া বিষয়া হিচাপে অসমৰ বিভিন্ন জিলাত নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
অৱসৰ গ্ৰহণ কৰাৰ পাছত অৰ্থাৎ ৬৭ বছৰ বয়সত খাকলাৰীক বিটিচি প্ৰশাসনে কোকৰাঝাৰ চহৰত ক্ৰীড়া বিভাগৰ পৰিষদীয় মুৰব্বী হিচাপে দায়িত্বভাৰ প্ৰদান কৰে।
উল্লেখযোগ্য যে ১৯৭৪ চনতে খাকলাৰীয়ে মাইশোৰত অনুষ্ঠিত হোৱা আন্তঃবিশ্ববিদ্যালয় ফুটবল টুৰ্ণামেণ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ হৈ প্ৰতিনিধিত্ব কৰি নিজৰ প্ৰতিভাৰ উমান দিবলৈ সক্ষম হৈছিল।
আনহাতে এন আই এছ স্বীকৃতিপ্ৰাপ্ত এগৰাকী ফুটবল প্ৰশিক্ষক হিচাপেও খাকলাৰীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈক ফুটবলৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।
অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ এইগৰাকী দক্ষ প্ৰশাসকে মৃত্যুৰ সময়ত পত্নী, পুত্ৰ আৰু এগৰাকী কন্যা সন্তানক এই সংসাৰত এৰি থৈ যায়। যোৱা ২৫ আগষ্টত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত গৃহ জিলা ওদালগুৰিতে তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।
খাকলাৰীয়ে ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ কথা সকলোৱে স্বীকাৰ কৰি এইগৰাকী বিশিষ্ট ক্ৰীড়া প্ৰশাসক তথা সংগঠকক ওদালগুৰি জিলাৰ বিভিন্ন দল-সংগঠনে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ আত্মাৰ চিৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।