ত্ৰিপুৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী, বিজেপি নেতা বিপ্লব দেৱৰ ঘৰ জ্বলাই দিলে দুৰ্বৃত্তই

ত্ৰিপুৰাত নতুন বছৰৰ আৰম্ভণিতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ আগেয়ে উত্তৰ-পূব ভাৰতৰ এই ৰাজ্যখন উত্তপ্ত হৈ পৰিছে। এইবাৰ ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ ঘৰত দুৰ্বৃত্তই আক্ৰমণ চলাইছে। ঘৰত অগ্নিসংযোগৰ ঘটনা ঘটিছে। বিধ্বস্ত হৈছে গাড়ীও।

বিপ্লব দেৱে অভিযোগ কৰিছে যে চিপিআই(এম)ৰ কৰ্মীয়ে এই আক্ৰমণ চলাইছে। অৱশ্যে, বাওঁপন্থী নেতৃত্বই এই অভিযোগ অস্বীকাৰ কৰিছে।

লগতে পঢ়ক: উত্তৰ প্ৰদেশত ‘ভাৰত জোড়ো যাত্ৰা’ৰ পূৰ্বে ৰাহুল গান্ধীলৈ পত্ৰ লিখি শুভেচ্ছা ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতৰ

উদয়পুৰৰ জামজুৰিত আছে বিপ্লব দেৱৰ গাওঁৰ ঘৰ। তেওঁৰ পিতৃৰ বাৰ্ষিক শ্ৰাদ্ধ বুধবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল। ইয়াৰ পূৰ্বে মঙলবাৰে নিশা দুৰ্বৃত্তৰ এটা দলে তেওঁৰ গাওঁৰ ঘৰত আক্ৰমণ চলায়। গাড়ী ভঙাৰ লগতে ঘৰটোতো অগ্নিসংযোগ কৰে। ঘটনাটোৰ পিছত বিপ্লব দেৱে ৰাজ্যিক আৰক্ষীৰ সঞ্চালক প্ৰধানক ফোন কৰি অভিযোগ দাখিল কৰে।

২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিপ্লব দেৱক একাধিকবাৰ আক্ৰমণ কৰা হৈছিল। ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ ঘৰত পুনৰ আক্ৰমণ কৰা হৈছে। তেওঁ এই ঘটনাক তীব্ৰ গৰিহণা দিছে।

লগতে পঢ়ক: শিৱম মাভিৰ ৪ উইকেট! উত্তেজনাপূৰ্ণ প্ৰথমখন টী-২০ ত শ্ৰীলংকাক ২ ৰাণত পৰাস্ত কৰিলে ভাৰতে

ৰাজ্যিক বিজেপিয়ে অভিযোগ কৰিছে যে কমিউনিষ্ট পাৰ্টিৰ প্ৰৰোচনাতে দুৰ্বৃত্তই এই কাৰ্য সংঘটিত কৰিছে।

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, “এয়া চিপিআই(এম)ৰ দুৰ্বৃত্তৰ কাম। তেওঁলোকে এটা শোভাযাত্ৰা উলিয়াই আহি আছিল। আক্ৰমণটো চিপিআই(এম)ৰ শোভাযাত্ৰাৰ পৰাই কৰা হৈছিল।‘’

বুধবাৰে ৰাতিপুৱা বিপ্লব দেৱ তেওঁৰ পৈতৃক ঘৰলৈ যাব। অৱশ্যে চিপিআই(এম)য়ে এই আক্ৰমণৰ কথা অস্বীকাৰ কৰিছে।