বিজেপিৰ প্ৰাৰ্থী তালিকাত নাই নাম; ৰাজনীতিৰ পৰাই সন্ন্যাস ল’লে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ বৰ্ধনে!

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰ্। বৰ্দ্ধন। ফটোঃ সংগ্ৰহীত।

যদিও নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই, তথাপিও ইতিমধ্যে গেৰুৱা শিবিৰে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। কিন্তু প্ৰাক্তন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে গেৰুৱা শিবিৰৰ প্ৰথম প্ৰাৰ্থী তালিকাত নিজৰ নাম নেদেখি সক্ৰিয় ৰাজনীতিৰ পৰাই আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে।

তেওঁ কয়, এইবাৰ তেওঁ নিজৰ চিকিৎসা সেৱাৰ ওপৰত গুৰুত্ব দিব। চিকিৎসাৰ কামলৈ ঘূৰি অহাটোক নিজৰ শিপালৈ ঘূৰি অহা বুলি উল্লেখ কৰিছে।

ছ’চিয়েল মিডিয়াত এটা পোষ্টত তেওঁ লিখিছে, “৩০ বছৰৰো অধিক সময় নিৰ্বাচনী ৰাজনীতিত জড়িত হৈ আছো। তাত ৫ বাৰ জয়ী হৈছো আৰু দুটা বিধানসভা নিৰ্বাচনত জয়ী হৈছো। লোকসভাৰ দুয়োটা নিৰ্বাচনতে মই দৃষ্টান্তমূলক ভোটৰ ব্যৱধানত জিকিছিলো। দলীয় কামৰ লগতে কেন্দ্ৰ আৰু ৰাজ্যত গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছিলো। এতিয়া অৱশেষত মই মোৰ শিপালৈ উভতি যাব বিচাৰিছো।”

দিল্লীৰ চান্দনী চক সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ বাবে মনোনীত কৰা হৈছে প্ৰবীণ খাণ্ডেলৱালক। ইয়াৰ পিছতে হৰ্ষ বৰ্ধনৰ এই পোষ্ট। সূত্ৰ অনুসৰি প্ৰাৰ্থী তালিকাত নাম নথকাৰ বাবেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।