DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিলাদিত্যক পুনৰ বিজেপিৰ মজিয়ালৈ ঘূৰাই আনিবলৈ দলীয় নেতৃত্বক আহ্বান জ্যেষ্ঠ বিজেপি ৰাজেন গোহাঁইৰ

"২১ ৰ আগত শিলাদিত্যই দল এৰিলে বিজেপিৰ গঢ়াখহনীয়া ৰূপ ধাৰণ কৰিব পাৰে"- বিজেপি নেতৃত্বক ভৱিষ্যতবাণী গোহাঁইৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 13, 2020 7:12 am
WhatsApp Image 2020-07-13 at 1.15.35 AM

বিধায়ক শিলাদিত্য দেবৰ সৈতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই। ফাইল ফটো।

44.1k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে বিজেপিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰা জ্যেষ্ঠ বিজেপি নেতা তথা হোজাইৰ বিধায়ক শিলাদিত্য দেবক দলৰ মজিয়ালৈ ঘূৰাই আনিবলৈ দলীয় নেতৃত্বক আহ্বান জনাইছে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইয়ে।

এক ফেচবুক পোষ্টৰ জৰিয়তে প্রাক্তন কেন্দ্রীয় মন্ত্রী গোহাঁইয়ে কয়, “মই সামাজিক মাধ্যমৰ যোগেদি দলৰ ৰাজ্যিক নেতৃবৃন্দক নিম্নলিখিত বিষয়টোৰ ওপৰত দলীয় স্বাৰ্থত অৱগত কৰো যে হোজাই সমষ্টিৰ বিধায়ক শ্ৰী শিলাদিত্য দেৱে দলৰ পৰা অব্যাহতি ঘোষণা কৰাটো দলৰ বাবে এক অত্যন্ত দুঃখৰ বিষয়।”

“মই ৰাজ্যিক নেতৃত্বক অনুৰোধ জনাওঁ যে এই বিষয়টো সহজভাৱে নলৈ অতি গুৰুত্বসহকাৰে বিষয়টো পৰ্যালোচনা কৰি তেখেতক দলৰ মজিয়ালৈ ঘূৰাই অনাটো নিতান্ত প্ৰয়োজনীয়।” গোহাঁইয়ে লগতে লিখিছে।

গোহাঁইৰ মতে “শিলাদিত্যৰ নিচিনা এক বলিষ্ঠ বিধায়ক ২০২১ চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত দল ত্যাগ কৰাটো দলৰ বাবে এক অশনি সংকেত। আগলৈ ই দলৰ বাবে এক গঢ়াখহনীয়া ৰূপ ধাৰণ কৰিব পাৰে।”

এই বিষয়টোত গোহাঁইয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু ইতিবাচক পৰ্য্যালোচনাৰ আশা কৰে।

তেওঁ আৰু লিখিছে, “মই আশাবাদী যে বহু দলীয় কাৰ্য্যকৰ্তাৰ ৩০-৩৫ বছৰৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত আজি আমি এই দিনৰ মুখ দেখিবলৈ সক্ষম হোৱা বিজেপি অসম প্ৰদেশে দলৰ প্ৰত্যেক কাৰ্য্যকৰ্তাক গুৰুত্ব প্ৰদান কৰি দলীয় মজিয়াত আকোৱালি ৰখাতো অত্যন্ত জৰুৰী।”

উল্লেখযোগ্য যে, বিজেপিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি শিলাদিত্যই বৰ্তমান তেওঁৰ বিজেপিত অস্তিত্ব নোহোৱা বুলি আক্ষেপ কৰিছিল।

Recent News

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd