বিজেপিত অন্তৰ্ঘাত: আজি পদত্যাগ কৰিব প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইয়ে! ক্ষুব্ধ মনোজৰাম ফুকনো

অসম বিজেপিৰ দুই জ্যেষ্ঠ নেতা ৰাজেন গোঁহাই আৰু মনোজৰাম ফুকন। ফটো: সংগ্ৰহীত।

বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ অনাকাংক্ষিত মৃত্যুৰ পাছত ৰাজ্যিক বিজেপিত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে। দলৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিস্ফোৰক পত্ৰৰ পাছত এইবাৰ দলটোৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী  ৰাজেন গোহাঁইয়েও বিস্ফোৰণ ঘটাবলৈ সাজু হৈছে।

ৰাজ্যিক বিজেপিত ন-পুৰণিৰ সংঘাত তীব্ৰতৰ হৈ পৰাৰ সময়তে শুকুৰবাৰে পদত্যাগ কৰিব প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইয়ে। সেই অনুসৰি, তেওঁক প্ৰদান কৰা কেবিনেট মৰ্যাদা ত্যাগ কৰিব গোঁহাইয়ে।

বাতৰি অনুসৰি, শুকুৰবাৰে দিনৰ ১বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজেন গোঁহাইয়ে তেওঁৰ পদত্যাগ পত্ৰ প্ৰদান কৰিব। তাৰ পিছতে তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰিব।

লগতে পঢ়ক: শিক্ষাবিদ তথা সক্রিয় ৰাজহুৱা কৰ্মী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান

উল্লেখ্য যে অসমত বিজেপিত যোগদান কৰিও একাংশ তথাকথিত পাবতগজা নেতাই ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ তুলিছিল জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ কিছুমান কথা আৰু কামে দলটোৰ জ্যেষ্ঠ নেতাসকলক আঘাত দিয়া বুলিও অভিযোগ কৰিছিল ভট্টাচাৰ্যই। দলৰ বেয়া সময়ত বহু কষ্টেৰে দলক নেতৃত্ব দিয়া তেওঁৰ দৰে নেতাসকলক একাষৰীয়া কৰাৰ অভিযোগো তুলিছিল।

জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰেই এইবাৰ দলৰ আন এগৰাকী বয়োজ্যেষ্ঠ নেতা দলটোৰ প্ৰাক্তন উপ সভাপতি মনোজৰাম ফুকনেও একেই অভিযোগৰ আঙুলি টোৱাইছে। ৰাজ্যিক বিজেপিত এতিয়া একাংশই দলৰ সংবিধান ভৰিৰে মোহাৰিছে বুলিও অভিযোগ ফুকনৰ।

সিদ্ধাৰ্থ ভট্টাচাৰ্যক সম্পূৰ্ণ সমৰ্থন কৰি মনোজ ফুকনে কৈছে যে অসম বিজেপি আদৰ্শচ্যুত হৈছে। দলৰ জ্যেষ্ঠ নেতাসকলক কাৰোবাক বয়সৰ দোহাই দি অথবা আন অজুহাত দেখুৱাই একাষৰীয়া কৰা হৈছে। ফুকনে তেওঁক বয়সৰ দোহাই দি দায়িত্বৰ পৰা অঁতৰোৱা বুলি অভিযোগ কৰি প্ৰশ্ন কৰে-‘প্ৰধানমন্ত্ৰীৰ বয়স হোৱা নাই নেকি?’

লগতে পঢ়ক: জল সংকট : পানীৰ অভাৱত ভুগিছে বিশ্বৰ ২৫ খন দেশে

ফুকনে লগতে বিজেপিত দলবিৰোধী কাৰ্যকলাপত লিপ্ত হৈও মন্ত্ৰী অশোক সিংঘালৰ দৰে নেতাই দলৰ পৰা পুৰস্কাৰহে পালে বুলি কটাক্ষ কৰে৷ তেওঁৰ স্পষ্ট অভিযোগ যে দলত এতিয়া ছিণ্ডিকেট, ধৰ্ষণকাৰী আদিৰহে দপদপনি বাঢ়িছে ৷

এতিয়া শুকুৰবাৰে ৰাজ্যন গোঁহাইয়ে পদত্যাগ কৰি সংবাদ মাধ্যমৰ আগত কি মন্তব্য কৰে তাক লৈ সকলোৱে অপেক্ষা কৰিছে।