আমেৰিকাৰ মিনিয়াপলিছত কৃষ্ণাংগ নাগৰিক জৰ্জ ফ্লয়ডক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱা প্ৰাক্তন আৰক্ষী বিষয়া ডেৰেক চ’ভিনক কাৰাগাৰত ছুৰীৰে আঘাত কৰা হৈছে। শুকুৰবাৰে টাচনৰ ফেডাৰেল কাৰেকচনেল ইনষ্টিটিউচনত সেই কাৰাগাৰৰে আন এজন কয়দীয়ে চ’ভিনক ছুৰীৰে আঘাত কৰে। আমেৰিকাৰ সংবাদ মাধ্যমে এই তথ্য সদৰী কৰিছে।
২০২০ চনত জৰ্জ ফ্লয়ডক ভুৱা নোট ব্যৱহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছত তেতিয়াৰ আৰক্ষী বিষয়া ডেৰেক চ’ভিনে তেওঁক (ফ্লয়ড) পথত পেলাই লৈ ডিঙিত আঁঠুৰে চেপি ধৰিছিল। ৯ মিনিটতকৈও অধিক সময় তেওঁ ফ্লয়ডৰ ডিঙিত এনেদৰে চেপি ধৰি ৰাখিছিল। পিছত ফ্লয়ডক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
লগতে পঢ়কঃ আমেৰিকাত নিৰাপদ নহয় ভাৰতীয়! এইবাৰ বন্দুকধাৰীৰ গুলীত নিহত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ
এই ঘটনাই সমগ্ৰ আমেৰিকা আৰু বিশ্বৰ বিভিন্ন চহৰত আৰক্ষীৰ বৰ্বৰতা আৰু বৰ্ণবাদৰ বিৰুদ্ধে প্ৰতিবাদৰ সূত্ৰপাত ঘটায়।
পিছত শ্বেতাংগ চ’ভিনক ফ্লয়ডৰ হত্যাৰ ঘটনাত দোষী সাব্যস্ত কৰি ২০ বছৰতকৈ অধিক কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয় । তেওঁক টাকচন কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে।
শুকুৰবাৰে ছুৰীৰে আঘাত কৰাত চ’ভিন গুৰুতৰভাৱে আহত হয় বুলি নাম প্ৰকাশ নকৰা সূত্ৰৰ উদ্ধৃতি দি এক আন্তৰ্জাতিক সংবাদ সংস্থাই বাতৰি প্ৰকাশ কৰিছে।
লগতে পঢ়কঃৰেড ক্ৰছৰ বাহনত ইজৰাইললৈ যোৱাৰ পথত হামাছে প্ৰথম মুকলি কৰি দিলে কেইবাজনো যুদ্ধবন্দীক
ইপিনে, এই খবৰ নিশ্চিত কৰিবলৈ ৰয়টাৰ্ছে টাকচন কাৰাগাৰৰ মুখপাত্ৰৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে। অৱশ্যে তেওঁৰ বক্তব্যৰ বিষয়ে সদ্যহতে জানিব পৰা হোৱা নাই।
আনহাতে, চ’ভিনৰ আইনী দলৰ সদস্য গ্ৰেগ এৰিক্সনে কয় যে তেওঁ এনে কোনো ঘটনাৰ বিষয়ে অৱগত নহয়।