আদালতত দোষী সাব্যস্ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প; ১১ জুলাইত ঘোষণা হ’ব শাস্তি

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ফাইল ফটোঃ সংগ্ৰহীত।

ব্যৱসায়িক নথি-পত্ৰত তথ্য লুকুৱাই ৰখাৰ গোচৰত দোষী সাব্যস্ত হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। স্থানীয় সময় অনুসৰি বৃহস্পতিবাৰে নিউয়ৰ্কৰ আদালতে ৰায় দিয়ে। সেই গোচৰত উত্থাপিত ৩৪টা অভিযোগৰ আটাইকেইটাতে ৰিপাব্লিকান পাৰ্টিৰ নেতাগৰাকীক দোষী সাব্যস্ত কৰা হৈছে।

আদালতৰ এই ৰায়দানৰ জৰিয়তে প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো প্ৰাক্তন ৰাষ্ট্ৰপতিক অপৰাধমূলক গোচৰত দোষী সাব্যস্ত কৰা হৈছে। এই গোচৰত ট্ৰাম্পৰ শাস্তি অহা ১১ জুলাইত ঘোষণা কৰা হ’ব।

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক কাৰাদণ্ড দিয়া হ’ব পাৰে। অৱশ্যে আইনী বিশেষজ্ঞসকলে কয় যে, তেওঁক জৰিমনা বিহাৰ সম্ভাৱনাই বেছি।

বৃহস্পতিবাৰে ৰায় ঘোষণা কৰাৰ পিছত আদালতৰ কক্ষৰ পৰা ওলাই অহাৰ পিছত সাংবাদিকৰ আগত ট্ৰাম্পে কয় যে এয়া তেওঁৰ বাবে অপমানজনক। তেওঁ ন্যায় নাপালে। আদালতৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তেওঁ অন্তিম মুহূৰ্তলৈকে যুঁজিব।

লগতে পঢ়কঃ দেশলৈ উভতিল যৌন কেলেংকাৰীত অভিযুক্ত প্ৰজ্বল ৰেভান্না; বিমানবন্দৰতে গ্ৰেপ্তাৰ

ট্ৰাম্পৰ এই বক্তব্যৰ পৰা বুজা গৈছে যে তেওঁ এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিব। কিন্তু ট্ৰাম্পৰ বিৰুদ্ধে এইটোৱেই একমাত্ৰ গোচৰ নহয়। ২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল সলনি কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত বৰ্তমান তেওঁৰ বিৰুদ্ধে গোচৰ চলি আছে। ইয়াৰ বাহিৰেও ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ হোৱাৰ পিছত হোৱাইট হাউছৰ পৰা চৰকাৰী গোপন নথি-পত্ৰ লগত লৈ যোৱাৰ অভিযোগত আন এটা গোচৰো চলি আছে।

৭৭ বছৰীয়া ট্ৰাম্পৰ বিৰুদ্ধে দাখিল কৰা গোচৰটোত অভিযোগ কৰা হৈছে যে ২০০৬ চনত ষ্টৰ্মি ডেনিয়েলছৰ সৈতে তেওঁৰ যৌন সম্পৰ্ক আছিল। পিছলৈ ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পে ষ্টৰ্মীক ১ লাখ ৩০ হাজাৰ ডলাৰ উৎকোচ দিছিল যাতে তেওঁ এই বিষয়ে মুখ নোখোলে। এই ধন তেওঁক দিছিল ট্ৰাম্পৰ অধিবক্তা মাইকেল কোহেনে। কিন্তু এই লেনদেনৰ সবিশেষ ব্যৱসায়িক নথি-পত্ৰত লুকুৱাই ৰখা হৈছিল। অৱশ্যে এই অভিযোগ ট্ৰাম্পে সদায় অস্বীকাৰ কৰি আহিছে।

নিউয়ৰ্কৰ মানহাটানত পাঁচ সপ্তাহজোৰা দীঘলীয়া শুনানিৰ অন্তত বৃহস্পতিবাৰে ১২ জনীয়া বিচাৰপীঠে এই ৰায় ঘোষণা কৰে। ইয়াৰ পূৰ্বে তেওঁলোকে ১১ ঘণ্টা ৰায়দানৰ বিষয়ে আলোচনা কৰে। যি সময়ত কেইমাহমানৰ পাছত আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে, সেই সময়তে এই ৰায় ঘোষণা কৰা হৈছে। ট্ৰাম্পে এই নিৰ্বাচনত অংশগ্ৰহণ কৰি পুনৰ ৰাষ্ট্ৰপতি পদ দখল কৰিব বিচাৰে। অৱশ্যে ৰায়দানৰ বাবে তেওঁৰ নিৰ্বাচনী প্ৰচাৰত কোনো বাধা নাথাকিব।

লগতে পঢ়কঃ বিহাৰত ভয়াৱহ গৰমত দুঘণ্টাতে ১৬ জন লোকৰ মৃত্যু! হাস্পাতালত কৰুণ পৰিস্থিতি

ইপিনে, তেওঁৰ অধিবক্তাই আদালতত অভিযোগ উত্থাপন কৰে যে এই গোচৰৰ জৰিয়তে ট্ৰাম্পৰ বিৰুদ্ধে আগন্তুক নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰা হৈছে। তেওঁ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কোনো ভুল কৰা নাই বুলিও কয়। ট্ৰাম্পে অহৰহ একেখিনি কথাই কৈ আহিছে। আদালতৰ বাহিৰত তেওঁ কেইবাবাৰো সাংবাদিকৰ আগত কয় যে তেওঁ আচলতে ৰাজনৈতিক প্ৰতিশোধৰ বলি হৈছে।