• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্কট ৰোগত আক্ৰান্ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন; বৰ্তমান কেনে আছে তেওঁৰ স্বাস্থ্য?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2025 11:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন। ইতিমধ্যে সেয়া তেওঁৰ হাড়লৈ বিয়পি পৰিছে। দেওবাৰে তেওঁৰ কাৰ্যালয়ে এক বিবৃতিত এই খবৰ সদৰী কৰে।

যোৱা সপ্তাহত ৮২ বছৰীয়া বাইডেনে প্ৰস্ৰাৱৰ লক্ষণৰ বাবে চিকিৎসকৰ কাষ চাপিছিল। তাৰ পিছত শুকুৰবাৰে তেওঁৰ প্ৰষ্টেট কেন্সাৰ ধৰা পৰে।

Apply Now

বাইডেনৰ ধৰা পৰা কেন্সাৰ যথেষ্ট আক্ৰমণাত্মক ধৰণৰ। তেওঁৰ গ্লিছন স্ক’ৰ ১০ৰ ভিতৰত ৯। ব্ৰিটেইনৰ সৰ্ববৃহৎ কেন্সাৰ গৱেষণা আৰু পুঁজিৰ সংস্থা কেন্সাৰ ৰিচাৰ্চ ইউ কেৰ মতে এই ধৰণৰ কেন্সাৰক ‘হাই গ্ৰেড’ বুলি গণ্য কৰা হয়। ই অতি সোনকালে বিয়পিব পাৰে।

প্ৰষ্টেট কেন্সাৰৰ পৰিসৰ জুখিবলৈ ব্যৱহাৰ কৰা এটা গুৰুত্বপূৰ্ণ পৰীক্ষা হৈছে গ্লিছন স্ক’ৰ। এই স্ক’ৰ কেন্সাৰ কোষৰ আকাৰ, গঠন আৰু বিস্তাৰৰ ওপৰত নিৰ্ভৰ কৰে। এই স্ক’ৰে কেন্সাৰ কিমান আক্ৰমণাত্মক বা গুৰুতৰ আৰু কি চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে সেই কথা পোহৰলৈ আনে।

বাইডেন আৰু তেওঁৰ পৰিয়ালে বিভিন্ন চিকিৎসাৰ বিকল্পৰ কথা চিন্তা কৰিছে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে কয় যে কৰ্কট ৰোগ হৰম’ন সংবেদনশীল। অৰ্থাৎ ইয়াক সম্ভৱতঃ নিয়ন্ত্ৰণত ৰাখিব পৰা যাব।

কৰ্কট ৰোগ ধৰা পৰাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে বাইডেনে নিজৰ ডেম’ক্ৰেটিক পাৰ্টি আৰু শাসকীয় ৰিপাব্লিকান পাৰ্টিৰ পৰা সমৰ্থন আৰু সহানুভূতি লাভ কৰিছে।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট ট্ৰুথ ছ’চিয়েলত লিখিছে যে তেওঁ আৰু ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্প “জো বাইডেনৰ শেহতীয়া ৰোগ নিৰ্ণয়ৰ সন্দৰ্ভত এই খবৰ শুনি গভীৰভাৱে মৰ্মাহত”।

ট্ৰাম্পে কয় যে আমি জিল আৰু তেওঁৰ পৰিয়াললৈ আমাৰ আন্তৰিক শুভেচ্ছা জনাইছো। আমি জো-ৰ আশু আৰোগ্য আৰু মংগল কামনা কৰিছো।

ডেম’ক্ৰেটিক হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ সদস্য ৰো খান্নাই ছ’চিয়েল মিডিয়াত লিখিছে যে তেওঁ বাইডেন আৰু তেওঁৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰিছে। তেওঁ কয়, “জো আৰু জিলে সকলো সময়তে যুঁজিছিল। মই নিশ্চিত যে তেওঁলোকে সাহস আৰু মৰ্যাদাৰে এই প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।”

এবছৰৰ অলপ বেছি পূৰ্বে বয়স আৰু স্বাস্থ্যজনিত চিন্তাৰ বাবে ২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা বাইডেনে আঁতৰি আহিবলগীয়া হৈছিল। বাইডেন আমেৰিকাৰ ইতিহাসত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা আটাইতকৈ বয়সীয়াল ব্যক্তি।

ক্লিভলেণ্ড ক্লিনিকৰ তথ্য অনুসৰি পুৰুষৰ ছালৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি। ইয়াৰ পিছত তেওঁলোকৰ ভিতৰত প্ৰষ্টেট কেন্সাৰৰ হাৰ সৰ্বাধিক। আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (CDC)ৰ তথ্য অনুসৰি প্ৰতি ১০০ পুৰুষৰ ভিতৰত ১৩ জনৰ জীৱনৰ কোনো এটা সময়ত প্ৰষ্টেট কেন্সাৰ হ’ব। চিডিচিয়ে কয় যে বয়সৰ লগে লগে প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি পায়।

হোয়াইট হাউছ এৰি যোৱাৰ পিছত বাইডেনে বহুলাংশে জনসাধাৰণৰ চকুৰ পৰা আঁতৰি আছে। তাৰ পিছৰে পৰা তেওঁ মাত্ৰ কেইবাৰ ৰাজহুৱা স্থানত উপস্থিত হৈছে।

যোৱা এপ্ৰিল মাহত চিকাগোত অনুষ্ঠিত এক সন্মিলনত মুখ্য বক্তা হিচাপে ভাষণ দিছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে। আমেৰিকাৰ দিব্যাংগ অধিকাৰ সংগঠন ‘এডভোকেটছ, কাউন্সেলাৰ্ছ এণ্ড ৰিপ্ৰেজেণ্টেটিভছ ফৰ দ্য ডিচেবলড’ৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই সন্মিলনখন।

মে’ মাহত বাইডেনে বিবিচিক সাক্ষাৎকাৰ দিছিল। হোয়াইট হাউছ এৰি যোৱাৰ পিছত এইটোৱেই তেওঁৰ প্ৰথম সাক্ষাৎকাৰ। তাত তেওঁ স্বীকাৰ কৰে যে ২০২৪ চনৰ নিৰ্বাচনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত তেওঁৰ বাবে “কঠিন” আছিল।

মে’ মাহত বাইডেনে এবিচি টেলিভিছন চেনেলৰ ‘দ্য ভিউ’ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। তাত তেওঁক হোৱাইট হাউছত থকা শেষ বছৰটোত তেওঁৰ স্মৃতিশক্তি হেৰুৱাৰ কথা সোধা হৈছিল। তেওঁ এই বিষয়টো অস্বীকাৰ কৰি কয় যে, “এইটো সমৰ্থন কৰিব পৰা কোনো প্ৰমাণ নাই।”

বাইডেনে বহু বছৰ ধৰি কেন্সাৰ গৱেষণাৰ বাবে প্ৰচাৰ চলাই আহিছে। ২০২২ চনত তেওঁৰ পত্নী জিল বাইডেনে ‘কেন্সাৰ মুনশ্বট’ পদক্ষেপ পুনৰ আৰম্ভ কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত কৰ্কট ৰোগত ৪০ লাখতকৈ অধিক লোকৰ মৃত্যু ৰোধৰ বাবে গৱেষণা ত্বৰান্বিত কৰা।

২০১৫ চনত মগজুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ বাইডেনৰ ডাঙৰ পুত্ৰ বিউ বাইডেনৰ মৃত্যু হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd