NORTHEAST NOW (Assamese)
অসম

বক্সিং যুঁজত বিডেনক মই টিলিকতে হৰুৱাই দিম: দাবী আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2021 7:53 pm
Trump vs Biden

প্ৰায়েই কিছুমান উদ্ভট মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰাটো এক প্ৰকাৰ অভ্যাসত পৰিণত হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ।

এইবাৰ তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনলৈ বক্সিঙৰ প্ৰত্যাহ্বান আগবঢ়াইছে।

ট্ৰাম্পে কৈছে যে বক্সিঙৰ যুঁজত বিডেনক মই হৰুৱাই দিব পাৰিম। বৃহস্পতিবাৰে ট্ৰম্পে এইদৰে মন্তব্য কৰাৰ কথা দেশখনৰ সংবাদমাধ্যমত প্ৰকাশ পাইছে।

বাতৰি অনুসৰি, ট্ৰাম্প লগতে কয় যে বিডেনৰ সৈতে মই সহজতেই জিকি যাম। ইভাণ্ডাৰ হলিফিল্ড বনাম ভিটৰ বেলফ’ৰ্টৰ মাজৰ বক্সিং যুঁজৰ প্ৰচাৰৰ সময়ত তেওঁ এইবোৰ কথা কোৱা বুলি প্ৰকাশ পাইছে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বক্সিং যুঁজ হ’লে বিডেন মোৰ হাতত অতি সহজেই ধৰাশায়ী হ’ব। বক্সিঙৰ প্ৰচাৰৰ অনুষ্ঠানত ট্ৰাম্পে সেই কথা টেলিফোনৰ জৰিয়তে কয়।

ডোনাল্ড ট্ৰাম্পৰ এই মন্তব্যক লৈ ইতিমধ্যে ছচিয়েল মিডিয়াত সৰস চৰ্চা আৰম্ভ হৈছে।