ভাৰতত কিয় ‘ফেয়াৰ এণ্ড লাভলি’ নামৰ সৌন্দৰ্য্য বৰ্দ্ধক ক্ৰীম আছে বুলি এটা সাক্ষাতকাৰত প্ৰশ্ন কৰে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ডাৰেণ চামীয়ে।
”ফেয়াৰ এণ্ড লাভলিৰ বিজ্ঞাপনত স্পষ্টভাৱে কোৱা হয় যে দেখাত সুন্দৰ মানুহবোৰ উত্তম মানুহ। ই কি বুজাইছে, এনেধৰণৰ বিজ্ঞাপনে বৰ্ণবাদক প্ৰতিফলিত কৰিছে,” ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক গৰাকীয়ে এনেদৰে প্ৰশ্ন উত্থাপন কৰে।
ডাৰেণ চামীয়ে মানুহে সকলোকে প্ৰশংসা কৰিব লাগে বুলি উল্লেখ কৰাৰ লগতে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে বুলি কয়।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে হিন্দুস্তান য়ুনিলিভাৰে তেওঁলোকৰ সৌন্দৰ্য্যবৰ্দ্ধক সামগ্ৰী ফেয়াৰ এণ্ড লাভলিৰ পৰা ফেয়াৰ শব্দটো আতৰাই দিব বুলি জানিবলৈ দিছিল।
ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ডাৰেণ চামীয়ে ইয়াৰ পূৰ্বেও ভাৰতত চান ৰাইজ হায়দৰাবাদৰ হৈ আই পি এলত খেলি থকাৰ সময়তে দলৰ কিছুসংখ্যক সদস্যই তেওঁক কালু বুলি সম্বোধন কৰিছিল বুলি উল্লেখ কৰি অসন্তুষ্টি প্ৰকাশ কৰিছিল।