নাগৰিকত্ব আইন সংশোধন-বিৰোধী মঞ্চই “কেব”ৰ বিৰুদ্ধে চলি থকা ৰাজপথৰ আন্দোলনলৈ সহযোগিতা আগ বঢ়াই যোৱাৰ লগতে উচ্চতম ন্যায়ালয়ত যুঁজ দিব।
আজি এখন সংবাদমেলত মঞ্চৰ ঘোষণা, বিধেয়কখন গৃহীত হৈ আইনত পৰিণত হোৱাৰ লগে লগে মঞ্চই উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব।
সংবাদমেলত মঞ্চৰ অধ্যক্ষ, বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে কয়, “আমি সকলো দমন-পীড়নৰ বাধা দিবলৈ দৃঢ়প্ৰতিজ্ঞ। কিন্তু চৰকাৰৰ ফান্দত কোনেও যাতে বাধা নিদিয়ে”।
তেওঁ বিজেপি দল আৰু চৰকাৰৰ কোনো দালালে প্ৰৰোচনামূলক মন্তব্য বা কাম কৰি উত্তেজনা বৃদ্ধি কৰাৰ শংকা আছে বুলি মন্তব্য কৰি কয়, “কোনো বিশেষ জনগোষ্ঠী, সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসাৰ আশ্ৰয় লৈ উত্তেজিত আন্দোলনকাৰীয়ে চৰকাৰক দমন নীতি প্ৰয়োগৰ সুযোগ যাতে নিদিয়ে।”
বহুতো বাঙালী দল-সংগঠনে বৈধ বাঙালীসকলক এই জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনোৱা কাৰ্য্যতো তেওঁ সন্তোষ প্ৰকাশ কৰে।
“অসমৰ জনগণে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এই অসম বিৰোধী বিধেয়কখনৰ বিৰোধিতা কৰাটো ৰাজ্যখনৰ বাবে মংগলজনক। এই সময়ত অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত শান্তি বিৰাজ কৰিছে। এইটো বিঘ্নিত হ’লে “কেব” বিৰোধী আন্দোলন ক্ষতিগ্ৰস্ত হ’ব”, ড০ গোহাঁইৰ মন্তব্য।
আন্দোলনটো চলাই যাবৰ বাবে প্ৰত্যেকেই যাতে সাধ্য অনুসাৰে সহায়-সমৰ্থন আগ বঢ়ায় তাৰ বাবেও আহ্বান জনায় বিশিষ্ট বুদ্ধিজীৱীজনে।
বিধেয়কখনৰ বিৰোধিতা কৰি কাইলৈ নেছ’ই আহ্বান জনোৱা উত্তৰ-পূব বন্ধ সফল হ’ব বুলিও আশাবাদী নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ।
মঞ্চৰ আহ্বায়ক মনজিৎ মহন্তই শেষবিন্দু তেজ থকালৈকে এই বিধেয়কখনৰ বিৰুদ্ধে যুঁজি যাব বুলি দৃঢ়তা প্ৰকাশ কৰে।
“কোনোবাই টকাৰ লোভত, ক্ষমতাৰ লোভত সমৰ্থন কৰিছে যদিও সকলো একে নহয়। বিজেপিৰো কিছু সংখ্যকে বিৰোধিতা কৰিছে। এওঁলোকে বুজি পাইছে যে ক্ষমতা বা ধনেই শেষ কথা নহয়। এইবোৰ শুভলক্ষণ”, মনজিৎ মহন্তই কয়।