NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত ৰেড ক্ৰছ ছ’চাইটিৰ প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়াকৈ উদযাপন

May 8, 2021 6:06 pm · মানস প্ৰতিম গগৈ
Updated: May 8, 2021 6:07 pm

 আজি ৮ মে দিনটো সমগ্ৰ বিশ্বতে ৰেড ক্ৰছ ছ’চাইটিৰ প্ৰতিষ্ঠা দিৱস ৰূপে উদযাপন কৰাৰ লগতে মাৰ্ঘেৰিটাতো বৰ্তমান কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ ৰেড ক্ৰছ ছ’চাইটিৰ মাৰ্ঘেৰিটা কাৰ্যালয়ত উদযাপন কৰা হয়।

ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটাৰ সম্পাদক পবিত্ৰ বৰগোহাঞিয়ে আঁ‌ত ধৰা অনুষ্ঠানটিৰ পতাকা উত্তোলন কৰে ছ’চাইটিৰ উপাধ্যক্ষ আনন্দ কুমাৰ শৰ্মাই, বন্তি প্ৰজ্বলন কৰে কোষাধ্যক্ষ বিমল মিশ্ৰ আৰু মাৰ্ঘেৰিটা পৌৰ সভাৰ প্ৰাক্তন সভানেত্ৰী নিৰু বৰাই ।

ৰেড ক্ৰছ ছ’চাইটি মাৰ্ঘেৰিটা শাখাই  কৰোণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দীৰ্ঘ দিন ধৰি জনসাধাৰণৰ মাজত বিভিন্ন মাধ্যমৰ জৰিয়তে সজাগতা অভিযান অনুষ্ঠিত কৰি আহিছে ।

বিশ্ব ৰেড ক্ৰছ দিৱসৰ লগত সংগতি  মাস্ক পৰিধান কৰি, সামাজিক দূৰত্ব বৰ্তাই ৰাখি নিজৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখক শ্লোগানেৰে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন স্হানত কৰোণা মহামাৰীৰ সম্পৰ্কত সজাগতা অভিযান অনুষ্ঠিত কৰি ৰাইজৰ মাজত আজি মাস্ক বিতৰণ কৰে ৰে’ড ক্ৰছ ছ’চাইটিৰ সদস্য সকলে।

Related News