বোকাখাতৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাৰ চৌহদত বোকাখাত মহকুমাৰ স্বাধীনতা যুঁজাৰু চহিদ বেজা বৈষ্ণৱ, কমলা মিৰি আৰু অসমীয়া বোলছবি জয়মতীত নাম ভুমিকাত অভিনয় কৰা অভিনেত্ৰী আইদেউ সন্দিকৈৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ শিলান্যাস স্থাপন কৰা হয়।
শনিবাৰে শিলান্যাস স্থাপন কৰে কেবিনেট মন্ত্ৰী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই।
উক্ত শিলান্যাস স্থাপন অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ চহিদ কমলা মিৰি আৰু বেজা বৈষ্ণৱ তথা শিল্পী আইদেউ সন্দিকৈলৈ শ্ৰদ্ধা জ্ঞাপন কৰে।
তেওঁ তিনিওগৰাকী ব্যক্তিৰ প্ৰতিমূৰ্তিৰ নিৰ্মাণ নিয়াৰিকৈ সম্পূর্ণ হোৱাৰ ক্ষেত্রত বোকাখাতৰ সকলো নাগৰিকৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰে।
এই শিলান্যাস স্থাপন অনুষ্ঠানত গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেন হাজৰিকা, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।





