NORTHEAST NOW (Assamese)

বৰপেটাত ‘শ্ৰীময়ী অসমীৰ শীতল বুকুত’ স্ৰষ্টা পুৰুষোত্তম দাসৰ প্ৰতিমূৰ্তিৰ লাইখুঁটা স্থাপন

November 6, 2018 5:16 pm · পুলেন্দ্ৰ দাস

‘শ্ৰীময়ী অসমীৰ শীতল বুকুত’ গীতৰ স্ৰষ্টা, সুৰ সাধক তথা বৰপেটাৰ সু-সন্তান পুৰুষোত্তম দাসৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তিৰ লাইখুঁটা আজি বৰপেটা চহৰত স্থাপন কৰা হয়।

সুৰ সাধক গৰাকীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বৰপেটা পৌৰ সভাৰ নহাটীস্থিত সেৱা কেন্দ্ৰ প্ৰাংগনত আজি পূৰ্ণাৱয়ব প্ৰতিমূৰ্তিৰ লাইখুঁটা স্থাপন কৰে বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে।

লাইখুঁটা স্থাপন কৰি বিধায়ক গৰাকীয়ে সংঙ্গীত-সাধক পুৰুষোত্তম দাসে অসমৰ সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অবদানৰ বিষয়ে চমুকৈ বক্তব্য প্ৰদান কৰে।

উল্লেখযোগ্য যে, বৰপেটা চহৰত স্থাপন কৰিব লগা পুৰুষোত্তম দাসৰ এই পূৰ্ণাৱয়ব প্ৰতিমূৰ্তিটো পুৰুষোত্তম দাসৰ প্ৰথম স্থায়ী প্ৰতিমূৰ্তি হ’ব।

Related News