• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া সাহিত্য-সংবাদ জগতত ‘বিস্ময়’ যুগৰ স্ৰষ্টা শশী ফুকনৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2024 8:03 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া সাহিত্য-সংবাদমূলক ক্ষুদ্ৰ আলোচনী ‘বিস্ময়’ প্ৰকাশ কৰি সম্পাদক শশী ফুকনে এক ইতিহাস গঢ়িছিল। সেইগৰাকী ‘বিস্ময়’ আলোচনীৰ প্ৰতিষ্ঠাপক তথা সম্পাদক শশী ফুকনৰ দেহাৱসান ঘটিছে।

শুকুৰবাৰে নিশা ১০-৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ফুকনে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৮ বছৰ।

দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে হাস্পতালত চিকিৎসাধীন হৈ আছিল ফুকন। প্ৰায় ডেৰ মাহতকৈও অধিককাল তেওঁ হাস্পতালত চিকিৎসাধীন হৈ আছিল।

শশী ফুকনে অসমীয়া সাহিত্য-সংবাদ জগতত তেওঁৰ বিস্ময় আলোচনীৰে সঁচাকৈয়ে বিস্ময়ৰ সৃষ্টি কৰিছিল। এখন ক্ষুদ্ৰ আলোচনীৰে তেওঁ অসমীয়া সাহিত্যত এটা যুগৰ সৃষ্টি কৰিছিল। সেয়া আছিল বিস্ময়ৰ যুগ।

নৱ প্ৰজন্মৰ মাজত অতি জনপ্ৰিয় এই আলোচনীখনত নাছিল কি? দেশ-বিদেশৰ খৱৰৰ পৰা আৰম্ভ কৰি সাহিত্যৰ সকলো জনপ্ৰিয় ৰচনাৰ লগতে মনোৰঞ্জনৰ অপূৰ্ব সমাহাৰ। প্ৰথমবাৰৰ বাবে এখন অসমীয়া আলোচনী হিচাপে বিস্ময়ে ইয়াৰ প্ৰচলনৰ সংখ্যা ১ লাখ অতিক্ৰম কৰিছিল।

আশী-নব্বৈৰ দশকত অসমত বিভিন্ন ক্ষুদ্ৰ আলোচনীৰ জন্ম হৈছিল যদিও বিস্ময়ৰ জনপ্ৰিয়তাক চুব পৰা নাছিল। কিয়নো সেই সকলোবোৰে বিস্ময়কে অনুসৰণ কৰিছিল। বিস্ময় আছিল পাঠকৰ মনৰ কথা জানি প্ৰকাশ কৰা এলানি সুপাঠ্য ৰচনাৰ সম্ভাৰ।

যুৱক-যুৱতীৰ সমস্যাৰ সমাধান দিয়া ‘সমিধান’ দিয়াৰ পৰা আৰম্ভ কৰি চিকিৎসা নিদান দিয়ালৈকে তথা কৌতুকৰ পৰা আৰম্ভ কৰি ৰহস্যমূলক, থ্ৰিলাৰ, ৰোমান্টিক গল্প-উপন্যাস, চিনেমা, মডেলিং, খেল আদিকে ধৰি সকলো বিষয় সামৰি  লৈছিল বিস্ময়ে। তদুপৰি, অসমত চলচ্চিত্ৰ সাংবাদিকতাৰ আৰম্ভণিও ঘটিছিল বিস্ময়তে।

সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা বিস্ময়ক নতুন ৰূপত পাঠকৰ মাজলৈ উলিয়াই দিয়াৰ হেঁপাহ আছিল শশী ফুকনৰ। কিন্তু সেই হেঁপাহ আধৰুৱা হৈয়েই ৰ’ল। তথাপি অসমীয়া সাহিত্য-সংবাদ জগতত বিস্ময় যুগৰ স্ৰষ্টাগৰাকী সদায় স্মৰণীয় হৈ ৰ’ব।

শশী ফুকনৰ মৃত্যুত বিভিন্ন শিল্পী-সাহিত্যিক, নেতা-সাংবাদিককে ধৰি অজস্ৰ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনাইছে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

September 16, 2025 3:21 pm
ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

September 16, 2025 3:21 pm
ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd