NORTHEAST NOW (Assamese)

এপিএছচি কেলেংকাৰি : চাৰিজন এ পি এছ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত

December 1, 2018 8:46 am · এন ই নাও নিউজ

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিত অভিযুক্ত আৰু চাৰিজন আৰক্ষী সেৱাৰ বিষয়াক চাকৰি পৰা বৰ্খাস্ত কৰা হৈছে।

বৰ্তমান কাৰাবন্দী হৈ থকা নিলম্বিত অধ্যক্ষ ৰাকেশ পাল বাহিনীক উপঢৌকন দি  লোকসেৱা আয়োগৰ বাছনিত উঠি চাকৰি লাভ কৰা চাৰিজন এ পি এছ বিষয়াক ৰাজ্য চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

‘আছাম পুলিচ ছাৰ্ভিচ ৰুল্‌ছ, ১৯৬৬’ উলংঘা কৰাৰ অভিযোগত শুকুৰবাৰে ৰাজ্য চৰকাৰে কবিতা দাস, ভাৰ্গৱ ফুকন, পল্লৱী শৰ্মা আৰু গুলছন ডাউলাগপুক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।

কবিতা দাস ডিব্ৰুগড়ৰ টেঙাখাতস্থিত অসম আৰক্ষীৰ ১৯ নং বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক, ভাৰ্গৱ ফুকন মানকাচৰস্থিত অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক, পল্লৱী শৰ্মা ২৫ নং বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক আৰু গুলছন ডাউলাগপু ২৩ নং বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক পদত নিয়োজিত হৈ আছিল।

অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্তত গ্ৰেপ্তাৰ হোৱা চাৰিওজন বিষয়াই জালিয়াতিৰ অভিযোগত বৰ্তমান কাৰাবন্দী হৈ আছে।

উল্লেখযোগ্য যে চাকৰিৰ পৰা বৰ্খাস্ত হোৱা পল্লৱী শৰ্মা বিজেপিৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ কন্যা।

Related News