কুনো ৰাষ্ট্ৰীয় উদ্যানৰ নতুন অতিথি! চাৰিটা পোৱালী জগিল নামিবিয়াৰ পৰা অনা চিতাৰ (ভিডিঅ’ চাওক)

মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ নতুন অতিথি। চকুবোৰ ভালদৰে ফুটাই নাই। কোচমোচ খাই বহি আছে। সিহঁত হৈছে যোৱা বছৰ নামিবিয়াৰ পৰা অনা এটা চিতাৰ পোৱালী। দেশৰ বন্যপ্ৰাণী প্ৰেমীসকল এই ঘটনাক লৈ উৎসাহিত।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱ্যই সামাজিক মাধ্যমত এটা বাৰ্তা দিছে। কেন্দ্ৰৰ আন কেইবাজনো মন্ত্ৰীয়েও ছচিয়েল মিডিয়াত চিতা পোৱালী জন্মৰ বাৰ্তা দিছে।

কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডৱ্যই টুইট কৰি কয়, “পৃথিৱীলৈ স্বাগতম! যোৱা বছৰ ভাৰতলৈ প্ৰব্ৰজন কৰা এটা চিতাই মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত চাৰিটা পোৱালি জন্ম দিছে। কি এক আকৰ্ষণীয় দৃশ্য!’

লগতে পঢ়ক: হাতত সময় একেবাৰে কম! প্ৰকৃতিৰ আগৰ ৰূপ ঘূৰাই পাবলৈ হাতত মাথোঁ কেইটামান বছৰ

চিতা বাঘবোৰ যোৱা বছৰৰ ১৭ নৱেম্বৰত নামিবিয়াৰ পৰা অনা হৈছিল। ইয়াক মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত ৰখা হৈছে। চিতাবোৰৰ আঠটা মাইকী আছিল। ৰাষ্ট্ৰীয় উদ্যানত, বৃক্কৰ সংক্ৰমণৰ ফলত শাচা নামৰ নামিবিয়াৰ এটা চিতাৰ মৃত্যু হয়। যাৰ বাবে প্ৰকল্প চিতা কিছু পৰিমাণে হতাশ হৈছিল। কিন্তু ঘটনাটোৰ দুদিন পিছতে চাৰিটা চিতা পোৱালিৰ জন্মৰ খবৰ পোহৰলৈ আহে।

অৱশ্যে ন্যায়াধীশ বি আৰ গাভাই আৰু বিক্ৰাম নাথৰ বিচাৰপীঠে চিতা বাঘটোৰ মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু কেন্দ্ৰীয় চৰকাৰক চিতা বাঘৰ যত্ন আৰু পৰিচৰ্যাৰ বাবে বিশেষজ্ঞক লৈ এটা টাস্ক ফ’ৰ্চ গঠনৰ ব্যৱস্থা কৰিবলৈ কৈছে আৰু লগতে প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে।

আঠটা নামিবিয়াৰ চিতাৰ ভিতৰত এটা মতা আৰু এটি মাইকী চিতা অৰণ্যত মেলি দিয়া হৈছিল। অৱশ্যে, তাৰ আগতে দীৰ্ঘদিন ধৰি চিতাবোৰক ভাৰতৰ বতৰৰ সৈতে খাপ খুৱাবলৈ সাৱধানতা আৰু যত্নত ৰখা হৈছিল। শাচাৰ বাহিৰে বাকী চিতাবোৰ ৬ বৰ্গ কিলোমিটাৰ এলেকাৰ ভিতৰত মুকলি কৰা হৈছিল। তাতেই চিতা বাঘবোৰে চিকাৰ ধৰি আছিল।

চিতাবোৰক অৰণ্যৰ বনাঞ্চলত এৰি দি সিহঁতৰ সঙ্গমৰ বাবে এক উপযুক্ত পৰিৱেশ সৃষ্টি কৰিবলৈ এই পদক্ষেপ লোৱা হৈছিল। প্ৰথম পৰ্যায়ত ভাৰতৰ বন বিষয়াসকল সফল হৈছে।

উল্লেখ্য যে ১০৯৪৭ চনত ছত্তীশগড়ত এই দেশৰ অন্তিম চিতা চিকাৰ কৰা হৈছিল। তাৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰায় ৭০ বছৰৰ পিছত ভাৰতৰ মাটিত চাৰিটা চিতা পোৱালীৰ জন্ম হৈছে। ১৯৫২ চনত এই দেশত চিতা বাঘটো অৱলুপ্ত হয়। এইটো কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল। তাৰ পিছত নতুনকৈ নামিবিয়াৰ পৰা চিতা অনা হয় যাতে ইয়াক এক নতুন ধৰণে এই দেশৰ বন্যপ্ৰাণীৰ অংশ কৰি তোলা যায়।