• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ADREৰ নিয়ম ভংগৰ চেষ্টা কৰাৰ বাবে চাৰিজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2024 11:12 am
দেওবাৰে ADREৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীৰ লাইন।

দেওবাৰে ADREৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীৰ লাইন।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীয়ে শনিবাৰে নিশা (১৪ ছেপ্টেম্বৰ, ২০২৪) ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (এডিআৰই)ৰ নিয়ম ভংগৰ চেষ্টা কৰা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত ব্যক্তিসকলৰ ভিতৰত আছে নিযুক্তি পৰীক্ষাৰ দুগৰাকী পৰীক্ষাৰ্থী।

ধৃত ব্যক্তিসকলৰ ভিতৰত দুজন হৈছে কাৰ্বি আংলং জিলাৰ ডিফুৰ বাসিন্দা ৰবীন কুমাৰ বৰা আৰু মৰিগাঁও জিলাৰ সপোন দাস।

অৱশ্যে আৰক্ষীয়ে পৰীক্ষাৰ আন দুগৰাকী মহিলা প্ৰাৰ্থী নাম প্ৰকাশৰ পৰা বিৰত থাকে ।

আৰক্ষীৰ তথ্য অনুসৰি বৰাই দুজন এডিআৰই প্ৰাৰ্থীৰ ৰোল নম্বৰ সংগ্ৰহ কৰা বুলি অভিযোগ উঠিছে – এজন গোলাঘাট জিলাৰ আৰু আনজন যোৰহাট জিলাৰ।

লগতে পঢ়কঃ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা দিবলৈ গৈ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল’লে যুৱতীয়ে!

বৰাই আগতীয়াকৈ পৰীক্ষাৰ্থীসকলক পৰীক্ষাৰ সময়ত মানি চলিবলগীয়া নিৰ্দিষ্ট নিৰ্দেশনা প্ৰদান কৰিছিল আৰু সেই একেখিনি দাসলৈও ফৰৱাৰ্ড কৰিছিল।

সমগ্ৰ প্ৰক্ৰিয়াটো অভিযুক্তসকলৰ মাজত ফোনযোগে সম্পন্ন হোৱাৰ বিপৰীতে তেওঁলোকৰ মাজত কোনো ধৰণৰ আৰ্থিক লেনদেন হোৱা নাছিল।

পিছত আটাইকেইজন অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয়।

ইফালে, পৰীক্ষাৰ সময়ছোৱাত ৰাজ্যৰ কোনো প্ৰান্তৰ পৰা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ খবৰ নোপোৱাত কটকটীয়া নিৰাপত্তাৰ মাজতে দেওবাৰে সফলতাৰে অনুষ্ঠিত হয় এডিআৰই পৰীক্ষা।

লগতে পঢ়কঃ স্কুলৰ পৰা ওভতাৰ পথত অপহৰণ কৰি পঞ্চম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ! অভিযুক্তৰ সন্ধানত আৰক্ষী

অসম চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ খালী পদ পূৰণৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হয়।

প্ৰাৰ্থীৰ ন্যায্য বাছনি নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশদ ব্যৱস্থা গ্ৰহণ কৰিছিল।

তিনি ঘণ্টীয়া পৰীক্ষাটো পুৱা ১০.৩০ বজাৰ পৰা ১.৩০ বজাৰ ভিতৰত অনুষ্ঠিত হয়।

ৰাজ্যজুৰি পৰীক্ষা কেন্দ্ৰৰ বাহিৰত নিৰাপত্তাৰক্ষীৰ বিশাল মোতায়েন দেখা গৈছিল।

মুঠ ৪২৯টা পৰীক্ষা কেন্দ্ৰৰ ভৌগোলিক অৱস্থান আৰু নকল আৰু অন্যান্য অসৎ কাৰ্য্যৰ পূৰ্বৰ ইতিহাসৰ বাবে স্পৰ্শকাতৰ বুলি চিহ্নিত কৰা হয়।

লগতে পঢ়কঃ পুনৰ ড’নাল্ড ট্ৰাম্পক লক্ষ্য কৰি চলিল গুলী! কথমপি ৰক্ষা, এজনক গ্ৰেপ্তাৰ

কিন্তু পৰীক্ষাৰ শেষত মুঠ ২৩০৫টা কেন্দ্ৰৰ পৰা কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা নগ’ল আৰু শান্তিপূৰ্ণভাৱে পৰীক্ষা অনুষ্ঠিত হয়।

মুঠতে ১১,২৩,২০৪ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am
তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am
তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd