ধ্বংসস্তূপত পৰিণত আহোম ৰাজত্ব কালৰ চাৰিশ বছৰীয়া ঐতিহাসিক চামগুৰিৰ চামধৰা গড়

উপযুক্ত চৰকাৰী সংৰক্ষণর অভাৱত দিনে দিনে অৱহেলিত হৈ পৰিছে প্ৰায় চাৰিশ বছৰীয়া গড়টো

VideoCapture_20200905-214256

উপযুক্ত চৰকাৰী সংৰক্ষণ আৰু লোক-চৰ্চাৰ অভাৱত ক্ৰমশঃ অৱহেলিত হৈ পৰিছে চামগুৰিৰ এটি আহোম যুগৰ ঐতিহাসিক গড়।

নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী সদাশিৱ পাহাৰৰ পৰা উত্তৰে ব্ৰহ্মপুত্ৰ নদী পৰ্য্যন্ত সুদীৰ্ঘ অঞ্চল ব্যাপী ১৬১৬ চনত (১৫৩৮ শকত) স্বৰ্গদেউ প্ৰতাপসিংহই নিৰ্মাণ কৰা গড়টোৰ নাম চামধৰা গড়।

বৰ্তমান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱাই চামগুৰিৰ ৰঙাগড়াত দ্বিখণ্ডিত কৰা গড়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছিল আহোম ৰাজত্বৰ কালচোৱাত।

উল্লেখযোগ্য যে, শৰাইঘাটৰ পিছতেই আহোম সাম্ৰাজ্যৰ অন্যতম ৰক্ষাকৱচ স্বৰূপে পৰিগণিত হৈছিল অভেদ্য প্ৰাচীৰ সদৃশ চামধৰা গড়টো।

কিন্তু সম্প্ৰতি আধুনিকতাৰ হাতোৰা পৰি তথা একাংশ কাণ্ডজ্ঞানহীন লোকৰ বাবে চৰম অশনি সংকত নামি আহিছে বুৰঞ্জী প্ৰসিদ্ধ গড়টোলৈ।

লক্ষণীয়ভাৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাক চাৰিলেনযুক্ত ৰাজপথলৈ সম্প্ৰসাৰণ কৰিব লগীয়া হোৱা বাবে কিছু পৰিমাণে গড়টো সংকোচিত হোৱাৰ উপৰিও বিশেষকৈ সুদীৰ্ঘ গড়টোৰ কেইবা ঠাইটো একাংশ কাণ্ডজ্ঞানহীন লোকে বহু সময়ত ব্যক্তিগত প্ৰয়োজনৰ বাবে চলাই অহা অবৈধ খনন আৰু বেদখলৰ বাবে এতিয়া এই বিৰল ঐতিহাসিক সমলটি বিস্তৰভাবে ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে।

অসমীয়াৰ গৌৰৱ উজ্জ্বল ইতিহাস বুকুত সামৰি বিগত প্ৰায় চাৰিশ বছৰ ধৰি মধ্য অসমত মূৰ তুলি ঠিয় হৈ থকা ঐতিহাসিক চামধৰা গড়টোৰ সমীপত কেইখনমান মাত্ৰ চৰকাৰী ফলক আঁৰিয়ে অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ে দ্বায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে চামগুৰিৰ কেইবাটাও দল-সংগঠনে।

অৱশ্যে শেহতীয়াকৈ অসম বিধানসভাত গৃহীত হোৱা ঐতিহ্যক্ষেত্ৰ সংৰক্ষণ আৰু সংবৰ্ধন বিধেয়কখনৰ অধীনত ঐতিহাসিক চামধৰা গড়টোক উপযুক্ত সংৰক্ষণ তথা পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি তুলিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে চামগুৰিৰ বহু কেইটা দল-সংগঠনৰ নেতা-কৰ্মীয়ে।