মৰ্মান্তিক! ৰাছিয়াত নদীত ডুব গৈ মৃত্যু চাৰিগৰাকী ভাৰতীয় চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ সমীপৰ এখন নদীত ডুবি চাৰিগৰাকী ভাৰতীয় চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ মৃত্যু ঘটিছে। দেশখনৰ ভাৰতীয় মিছনে তেওঁলোকৰ মৃতদেহ অতি সোনকালে আত্মীয়ৰ ওচৰলৈ প্ৰেৰণ কৰিবলৈ ৰাছিয়াৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছে।

চাৰিগৰাকী শিক্ষাৰ্থীৰ ভিতৰত আছে ১৮-২০ বছৰ বয়সৰ দুগৰাকী ল’ৰা আৰু দুগৰাকী ছোৱালী। তেওঁলোক সকলোৱে ভেলিকি নভগ’ৰড চহৰৰ ওচৰৰ নভগ’ৰড ষ্টেট ইউনিভাৰ্চিটিত অধ্যয়ন কৰি আছিল।

লগতে পঢ়কঃ অহা ১৫ আগষ্টৰ ভিতৰত মন্ত্ৰীসভাৰ সালসলনিৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ইয়াৰে এগৰাকী ভাৰতীয় ছাত্ৰী যিয়ে ভলখভ নদীৰ পাৰত বিপদত পৰিছিল। তেতিয়াই তেওঁৰ চাৰিগৰাকী সংগীয়ে তেওঁক বচাবলৈ চেষ্টা চলাইছিল। তেওঁক বচাবলৈ চেষ্টা কৰি আন তিনিগৰাকী নদীত ডুব যায়। তৃতীয়গৰাকী ছাত্ৰক স্থানীয় লোকে নিৰাপদ স্থানলৈ টানি লৈ যায়।

এক্সত প্ৰকাশ কৰা এটা পোষ্টত মস্কোত থকা ভাৰতীয় দূতাবাসে কয়, ‘আমি অতি সোনকালে মৃতদেহ আত্মীয়ৰ ওচৰলৈ প্ৰেৰণ কৰাৰ কাম কৰি আছো। জীৱন ৰক্ষা পৰা ছাত্ৰগৰাকীকো উপযুক্ত চিকিৎসা প্ৰদান কৰা হৈছে।’

ছেইণ্ট পিটাৰ্ছবাৰ্গত থকা ভাৰতৰ কনছুলেট জেনেৰেলে কয় যে ছাত্ৰ-ছাত্ৰীসকলে ভেলিকি নভগ’ৰড ষ্টেট ইউনিভাৰ্চিটিত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছিল।

লগতে পঢ়কঃউত্তৰ পূবৰ ৩ খন ৰাজ্যত এনডিএৰ পৰাজয়ৰ বাবে কাক জগৰীয়া কৰিলে হিমন্ত বিশ্বই? সৰৱ গৌৰৱ

কনছুলেট জেনেৰেলে কয় যে ভেলিকি নভগ’ৰডৰ স্থানীয় কৰ্তৃপক্ষৰ সৈতে মিলি মৃতদেহসমূহ অতি সোনকালে আত্মীয়ৰ ওচৰলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰা হৈছে।